সাধাৰণ ৰাইজৰ মূৰত পুনৰ মাধমাৰ চৰকাৰৰ। পুনৰ বৃদ্ধি হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।
প্ৰতিটো চিলিণ্ডাৰত দাম বৃদ্ধি পালে ২৫ টকাকৈ।
ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ২৫টকাকৈ বৃদ্ধি পালে।
বৰ্দ্ধিত এই নতুন নিৰিখ আজিৰে পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব।
চলিত মাহটোত ৩ বাৰকৈ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।
প্ৰথমে ৪ ফেব্ৰুৱাৰীত বৃদ্ধি পাইছিল ২৫ টকাকৈ। পুনৰ ১৩ ফেব্ৰুৱাৰীত বৃদ্ধি পাইছিল ৫০ টকাকৈ।
১২ দিনৰ পিছত পুনৰ আজি বাঢ়িল ২৫ টকাকৈ।
এটা মাহতে মুঠ ১০০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ দৰ।
Photo: Google