পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজিৰে পৰা হুইল চেয়াৰতে বহি নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰে।
আঘাতপ্ৰাপ্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মমতা বেনাৰ্জী ৰাজপথলৈ ওলাই আহে।
মমতা বেনাৰ্জীয়ে হুইলচেয়াৰতে কলকাতাৰ গান্ধী মূৰ্তিত উপস্থিত আৰু তাৰ পৰা হাজৰালৈ ৰোড শ্ব’ আৰম্ভ কৰে।
মমতা বেনাৰ্জী হুইলচেয়াৰত গৈ থাকে আৰু তেওঁক অনুসৰণ কৰে বৃহৎ সংখ্যক সমৰ্থকে।
ৰাজপথৰ বিভিন্ন স্থানত চিচিটিভি কেমেৰা স্থাপন কৰা হয় আৰু আৰক্ষী জোৱানো নিয়োজিত কৰা হয়।
ৰোড শ্ব’ৰ পূৰ্বে মমতাই টুইট কৰি ক’লে যে, “আমি নিৰ্ভীক হৈ যুঁজ দিম।
মই এতিয়া বহুত কষ্টত আছো, কিন্তু মোৰ নিজৰ লোকৰ কষ্ট আৰু অধিক অনুভৱ হয়।
নিজৰ মাটিৰ ৰক্ষাৰ বাবে এই যুঁজত আমাৰ বহুত ক্ষতি হৈছে। আৰু হ’ম, কিন্তু আমি হাৰ নামানো।
https://twitter.com/AHindinews/status/1371017382160789509?s=20
১০ মাৰ্চত নন্দীগ্ৰামত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে আঘাতপ্ৰাপ্ত হোৱা মমতা বেনাৰ্জীৰ চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া এছএছকেএম হাস্পতালৰ পৰা ৰিলীজ কৰি দিয়া হৈছিল।
আজি ৰোড শ্ব’ৰ পিছত সোমবাৰে পুৰুলিয়া জিলাৰ ভ্ৰমণ কৰিব।
তাত অনুষ্ঠিত হ’ব দুখনকৈ জনসভা।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হেলিকপ্টাৰেৰে প্ৰতিখন জিলা ভ্ৰমণ কৰিব।
কিন্তু তেওঁ হুইলচেয়াৰতে বহি থাকিব, কাৰণ তেওঁ ভৰিত পোৱা আঘাত এতিয়াও ভালদৰে ঠিক হোৱা নায়।
Photo: Twitter