নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া ফ্লায়িং স্কোৱাডৰ অভিযান ৷
অভিযানকালত জব্দ কৰিছে বৃহৎ পৰিমাণৰ সুৰা, গাঞ্জা, ব্ৰাউন চুগাৰসহ বিভিন্ন নিচাজাতীয় দ্ৰব্য ৷
২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমত বলবৎ কৰা হৈছে নিৰ্বাচনী আচৰণ-বিধি ৷
অসম আৰক্ষী, আৱকাৰী বিভাগ, নাৰ্ক’টিকচ কন্ট্ৰল ব্যুৰ’ , ফ্লায়িং স্কোৱাড আৰু অনান্য নিয়ন্ত্ৰক সংস্থা সক্ৰিয় হৈ পৰিছে ৰাজ্যত ৷
বৰ্তমানলৈকে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৭৫ কোটি মূল্যৰ ড্ৰাগছ, সুৰা আৰু আ-অলংকাৰ আৰু বৃহৎ পৰিমাণৰ নগদ ধন ৷
তাৰে ভিতৰত ৩০.৩০ কোটিৰ ড্ৰাগছ, ১৯.১২ কোটিৰ সুৰা, ১৬.১৪ কোটি নগদ ধন জব্দ কৰাৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই ৷
জব্দকৃত নিচাজাতীয় দ্ৰব্যৰ এখন তালিকা শেহতীয়াকৈ প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে ৷
তালিকা অনুসৰি,জব্দ কৰা ২.৮২ কোটি মূল্যৰ সোণ-ৰূপৰ অলংকাৰ আৰু ৬.৬৩ কোটিৰ চিগাৰেট আৰু জালুক ৷
৭ মাৰ্চত নাজিৰাখাতৰ পৰা নাৰ্ক’টিকচ কন্ট্ৰল ব্যুৰ’ই জব্দ কৰিছে ১৫.১৪ কোটিৰ হে’ৰইন আৰু ১৫ মাৰ্চত ডিব্ৰুগড়ৰ পৰা জব্দ কৰিছে ৪.৫২ কোটি মূল্যৰ ৩৭,৫৬৯ লিটাৰ সুৰা ৷
ইয়াৰ উপৰি ৭ মাৰ্চ আৰু ৮ মাৰ্চত মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা সৰবৰাহ কৰা ৩,৬৮২ কেজি গাঞ্জা আৰু ১ কেজি সোণ জব্দ হৈছে ফ্লায়িং স্কোৱাডৰ অভিযানত ৷
অভিযানকালত অৰক্ষীয়ে জব্দ কৰিছে দেশী-বিদেশী সুৰাৰ লগতে কোটি কোটি টকাৰ অবৈধ সুৰা ৷
২৬ ফেব্ৰুৱাৰীৰ পৰা এইপৰ্যন্ত ৭৭ লাখ লিটাৰৰ অধিক সুৰা জব্দ কৰিছে আৰক্ষীয়ে ৷
সুৰাৰ বিপনীসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৱকাৰী বিভাগে ৷
photo: google