পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে জোৰদাৰ চলিছে প্ৰচাৰ অভিযান।
প্ৰতিটো ৰাজনৈতিক দলে ভোটদাতাসকলক পতিয়ন নিয়াব পৰাকৈ যিমান সম্ভৱ চেষ্টা চলাই আছে আৰু লাখ লাখ টকা ব্যয় কৰি আছে।
কিন্তু এই জাকজমকতাৰ মাজতে এগৰাকী মহিলা প্ৰাৰ্থী এনেকুৱাও আছে, যিয়ে টকা আৰু গাড়ী অবিহনে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।
এইগৰাকী মহিলাৰ নাম লৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰত্যাহ্বানো দিছে।
কোন হয় এইগৰাকী প্ৰাৰ্থী আৰু ক’ৰ পৰা চলাই আছে প্ৰচাৰ অভিযান।
কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?
জানিবলৈ দিয়া অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰ(২১ মাৰ্চত) পশ্চিমবংগৰ বাংকুৰাত জনসভা সম্বোধন কৰে।
সেই সময়তে তেওঁ বাংকুৰাৰ ছালতোৰা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী চন্দনা বাউৰীৰ নাম ল’লে আৰু মমতা বেনাৰ্জীক প্ৰত্যাহ্বান জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে, চন্দনা বাউৰী পশ্চিমবংগৰ মহিলাসকলৰ অনুপ্ৰেৰণাৰ উৎস।
কোন হয় চন্দনা বাউৰী?
উল্লেখযোগ্য যে, বিজেপিয়ে বাংকুৰা জিলাৰ ছালতোৰা বিধানসভা সমষ্টিৰ পৰা চন্দনা বাউৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
চন্দনা খুবেই দৰিদ্ৰ ঘৰৰ মহিলা।
ইফালে, ADRৰ ৰিপৰ্ট অনুসৰি, চন্দনা বাউৰী পশ্চিমবংগৰ আটাইতকৈ দৰিদ্ৰ প্ৰাৰ্থীৰ ভিতৰত এগৰাকী।
এনেদৰে চলাই আছে প্ৰচাৰ অভিযান
প্ৰচাৰ চলাবলৈ চন্দনা বাউৰীৰ লগত না টকা আছে, না গাড়ী আছে।
ইয়াৰ লগতে তেওঁৰ লগতে নাই সমৰ্থনকাৰী।
সূত্ৰ অনুসৰি বিজেপিয় তেওঁক টিকট দি এলেকাটোৰ মহিলাসকলৰ ভোট নিজৰ ফালে টানি আনিবলৈ চেষ্টা কৰিছে।
চন্দনা বাউৰীৰ স্বামী শ্ৰমিক হয়। তেওঁ ৰাজমিস্ত্ৰীৰ কাম কৰে।
তেওঁলোকৰ ৩টা সন্তান। চন্দনা বিগত ৭-৮ বছৰ ধৰি বিজেপিৰ সৈতে সংযুক্ত হৈ আছে।
TMCয়ে চন্দনাৰ বিৰুদ্ধে থিয় কৰাইছে সন্তোষ মণ্ডলক।
চন্দনাৰ সম্পত্তি
নিৰ্বাচনী আয়োগত দিয়া শপত পত্ৰত চন্দনাৰ বেংক একাউণ্টত আছে মাত্ৰ ৬৩৩৫ টকা।
সম্পত্তিৰ নামত আছে ৩টা গৰু, ৩টা ছাগলী, এটা পঁজা ঘৰ আৰু বেংকৰ নগদ ধন মিলাই মুঠ আছে ৩১,৯৮৫ টকা। চন্দনাৰ ঘৰত নাই শৌচালয়।
Photo: Google