ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণৰ পিছৰে পৰা দেশখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মৌলবাদী, কট্টৰপন্থী ইছলামিক সংগঠন সমূহে।
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিৰোধিতা কৰি মন্দিৰ ,ৰেল সমূহত চলাইছে হিংসাত্মক আক্ৰমণ।
আক্ৰমণৰ পিছতে ১১জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
ক’ৰোনা মহামাৰীৰ পিছত যোৱা শুকুৰবাৰে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী বাংলাদেশ ভ্ৰমণৰ বাবে গৈছিল।
বাংলাদেশ প্ৰতিষ্ঠাৰ ৫০তম বৰ্ষপূতি অনুষ্ঠানলৈ গৈছিল মোদী।
পিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ সৈতে বৈঠকত মিলিত হৈ বাংলাদেশক ১২ লাখ কৰোণাৰ প্ৰতিষেধক উপহাৰ দিয়ে,ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
তাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি মৌলবাদী,কট্টৰপন্থী ইছলামিক সংগঠন সমূহে দাবী কৰিছে যে মোদীয়ে ভাৰতৰ সংখ্যালঘু মুছলমান সকলক নিৰ্যাতন কৰাত সহায় কৰিছে।
Photo Credit- Google