উত্তৰ প্ৰদেশ গৌতমবুদ্ধ নগৰ জিলাত বিগত ২৪ ঘণ্টাত ৭জন লোকে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।
আত্মহত্যা কৰা লোককেইজনৰ ভিতৰত আছে ছফ্টৱেৰ ইঞ্জিনিয়াৰ।
মানসিক চাপে মূল কাৰণ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
জ্যেষ্ঠ আৰক্ষী বিষয়াই জনালে যে, ছেক্টৰ-৪৯তস্থিত অজনাৰা হেৰিটেজ ছছাইটীত বাস কৰা ছফ্টৱেৰ ইঞ্জিনিয়াৰ তৱৰেজ খান(৪৫)য়ে মঙলবাৰে ১২ মহলাৰ পৰা জাঁপ মাৰি আত্মহত্যা কৰে।
আৰক্ষীজনে ক’লে যে, তৱৰেজ খানে এটা কোম্পানীত কাম কৰিছিল আৰু কোম্পানীটোৰ বাবে কিবা প্ৰজেক্ট তৈয়াৰ কৰিছিল আৰু সেয়া অস্বীকাৰ কৰিছিল কোম্পানীয়ে।
ইয়াৰ ফলত অভিযন্তাজন মানসিক চাপত ভুগিছিল।
ইফালে ২০ বছৰীয়া কুমাৰী পাৰ্থৱী চন্দ্ৰাই নিজৰ ঘৰতে ফেনত ফাঁচী লগাই আত্মহত্যা কৰে।
আৰক্ষীয়ে আত্মহত্যাৰ কাৰণ জানিবলৈ তদন্ত অভিযান অব্যাহত ৰাখিছে।
লগত গীতা দেৱী(৪০) নামৰ এগৰাকী মহিলায়েও ফাঁচী লগাই আত্মহত্যা কৰে।
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে অন্য এক ঘটনা লোহাৰলী গাঁৱত সংঘটিত হয়।
২৮ বছৰীয়া ভীম নামৰ এজন যুৱকে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।
আৰক্ষী বিষয়াজনে ক’লে যে, বেৰোলা গাঁৱৰ বাসিন্দা ধৰ্মেন্দ্ৰ মিশ্ৰা(৪০) নামৰ লোকজনে মানসিক চাপত ভুগি এই চৰম পথ বাচি লয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰকাশ হলদৰ(৩০) নামৰ লোকজনে ফেনত ফাঁচী লগাই আত্মহত্যা কৰে।
লগতে তেওঁ ক’লে যে, মহিপাল নামৰ এজন লোকে মানসিক চাপত ভুগি আত্মহত্যা কৰে।
Photo: The Print