নিশা বঙাইগাঁৱৰ হাপাছাৰাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।
নিৰ্বাচনী কাম কাজ শেষ কৰি ঘৰলৈ উভতাৰ সময়তে পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী পলিং বিষয়াৰ। মৃত বিষয়াগৰাকীৰ নাম দেৱজিৎ চৌধুৰী।
বিলাসীপাৰা মহকুমাত নিৰ্বাচনৰ কামত নিয়োজিত বিজনী লক্ষ্মী মন্দিৰ এলেকাৰ দেৱজিৎ চৌধুৰী(দমা) নামৰ শিক্ষকজনে কৰ্তব্য সামৰি মটৰ চাইকেলেৰে গৈ আছিল।
ৰাষ্ট্ৰীয় পথেৰে বিজনীৰ ঘৰলৈ গৈ থকা সময়ত ট্ৰাকৰ খুন্দাত মৃত্যু হয় চৌধুৰীৰ।
Photo Credit: Google