বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে তিতাবৰ ৰজাবাহৰ গোসাঁইগাঁওত।
মঙ্গলবাৰে নিশা সংঘটিত হৈছে অগ্নিকাণ্ড।
পৱন সিং ফুকন নামৰ এজন ব্যক্তিৰ দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
চৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে আহি ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
যদিও প্ৰায় ২ লক্ষাধিকৰ অধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় লগতে ৰক্ষা পৰে কেইবাটাও বাসগৃহ।
Photo Credit: Google