ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা।
এখনৰ পিছত এখন জিলাই গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা।
আজি অসমৰ ধুবুৰী জিলাতো ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰিলে ১৪৪ ধাৰা।
এই ১৪৪ ধাৰা জাৰি কৰি ধুবুৰী জিলা প্ৰশাসনে জনাইছে যে জিলা খনৰ সকলো ঠাইতে সামাজিক দূৰত্ব মানি চলিব লাগিব লগতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ব।
লগতে কোনো ঠাইতে ৰাজহুৱা সমাবেশ হ’ব নোৱাৰিব মাত্ৰ কেইজনমান মানুহে সমাবেশ কৰিব পাৰিব।
বৰ্ধিত ক’ৰোনাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব দিছে ধুবুৰী জিলা প্ৰশাসনে।
Photo Credit: Google