সমগ্ৰ দেশতে ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে স্পৰ্শ কৰিছে। ক’ৰোনাৰ সন্ত্ৰাসত ভুগিছে দেশবাসী।
ক’ৰোনাৰ পুনৰ আগমনে দেশৰ বিভিন্ন ৰাজ্যত প্ৰশাসনৰ তৰফৰ পৰা নতুনকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
কোনো ৰাজ্যত যদি সম্পূৰ্ণ লকডাউন, কোনো ৰাজ্যত সান্ধ্য আইন বা কোনো ৰাজ্যত ৬ বজাৰ পৰা সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে।
কিন্তু এই কঠিন সময়তে বহু সংখ্যক সাধুৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ফটো অসমৰ বিভিন্ন ছচিয়েল মিডিয়াৰ প্লেটফৰ্মত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।
লগতে ছচিয়েল মিডিয়াত ফটোখনৰ সৈতে দাবী কৰিছে যে এই ফটোখন ২০২১ বৰ্ষৰ কুম্ভমেলাৰ।
এই ফটোখনৰ সৈতে বিভিন্নজনে বিভিন্ন মন্তব্য কৰি শ্বেয়াৰ কৰে।
মৃণালী দেৱী নামৰ এগৰাকী ফেচবুক ইউজাৰে এই ফটোখন শ্বেয়াৰ কৰি লিখিলে যে,
‘নিজামুদ্দিন মাৰ্কাজত জামাতীসকলে বাৰু এবছৰ পূৰ্বে নাজানি ভুল কৰিছিল।
কিন্তু এইসকলে বিগত এটা বছৰে ক’ৰোনা সংক্ৰমণ সম্পৰ্কত জানি-বুজি(কুম্ভমেলা) ভুল কৰাৰ কাৰণ কি!!!
এই পোষ্টটো ৬.৩ হাজাৰ বাৰ শ্বেয়াৰ কৰা হৈছে।
এই একেধৰণৰ ভাইৰেল পোষ্টৰ Archived সংস্কৰণ তলত দিয়া হৈছে-
দাবীঃ
২০২১ৰ কুম্ভমেলাৰ সময়ৰ হয় এই ফটোখন
ইয়াৰ পিছত Headline8য়ে ফটোখনৰ সত্যতা নিৰূপন কৰিবলৈ অনুসন্ধানৰ সিদ্ধান্ত গ্ৰহণ কৰো।
অনুসন্ধানঃ
Headline8য়ে এই ভাইৰেল ফটোখন গুগলৰ Reverse Image Search কৰিল আৰু প্ৰত্যক্ষ কৰিলে যে নিউজ ১৮ৰ পৰা আৰম্ভ কৰি হিন্দুস্তানটাইমছ্ আৰু ডিডি নিউজ ইউপিত এই ফটোখন ২০১৯ বৰ্ষৰ কুম্ভ মেলাতে প্ৰকাশ পোৱা ফটো হয়।
২০১৯ বৰ্ষতে সংবাদ মাধ্যমত প্ৰকাশিত এই ফটোখনৰ Archived সংস্কৰণ-
সত্যতাঃ
ওপৰত উল্লেখ কৰা এই ভাইৰেল ফটোখন বৰ্তমানৰো নহয় লগতে ক’ৰোনা ভাইৰাছৰ সময়ৰো নহয়।
ফটোখন দৰাচলতে ২০১৯ৰ কুম্ভমেলা সময়ৰ হয়।
বৰ্তমান ক’ৰোনাৰ এই ভয়াৱহ পৰিস্থিতিত পুৰণি ফটোখন ভাইৰেল কৰি ৰাইজক বিপথে পৰিচালিত কৰিছে।
Photo: Google