সমগ্ৰে দেশকে এতিয়া ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে স্পৰ্শ কৰিছে।
ক’ৰোনা মহামাৰীৰ বাবে দেশৰ প্ৰতিখন ৰাজ্যতে চৰকাৰে বিভিন্ন নীতি-নিৰ্দেশনা বলবৎ কৰিছে।
কৰবাত সম্পূৰ্ণ লকডাউন, কৰবাত সান্ধ্য আইন আকৌ কৰবাত ৬ বজাৰ পিছত দোকান-পোহাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইফালে বৃহস্পতিবাৰে পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত।
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ এদিন পূৰ্বে এটা টুইটাৰ পোষ্ট ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্ট অনুসৰি, ২২ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত ৩খনকৈ জনসভাত অংশগ্ৰহণ কৰিব।
ইয়াৰ লগতে পোষ্টটোত উল্লেখ আছে যে, অমিত শ্বাহে কেতিয়া আৰু ক’ৰ ৰেলীত অংশ ল’ব।
ভাইৰেল পোষ্টটোত দিয়া অনুসৰি, অমিত শ্বাহে দুপৰীয়া ১২ বজাত হৰিৰামপুৰত প্ৰথমখন ৰেলীত অংশগ্ৰহণ কৰিব, দিনৰ ১.৩০ বজাত গাজুলত দ্বিতীয়খন ৰেলী আৰু তৃতীয়খন ৰেলী দুৰ্গাপুৰ পূৰ্বাত।
লগতে পোষ্টটোত ৪ টা লিংকো উল্লেখ কৰা আছে
১. facebook.com/BJP4India
২. twitter.com/BJP4India
৩. youtube.com/BJP4India
৪. bjplive.org
এই পোষ্টটো শিলাদিত্য দত্ত নামৰ এজন লোকে ফেচবুকত শ্বেয়াৰ কৰি লিখিছে যে,
‘কালি দেশৰ গৃহ মন্ত্ৰীৰ তিনিখন নিৰ্বাচনী সভা, সকলো ভক্তলৈ শুভকামনা!!! আপোনাৰ হাঁহিটো খুব সুন্দৰ, ভকত বৃন্দই খুব ভাল পাব।
কিন্তু এই ভাইৰেল পোষ্টটো সম্পূৰ্ণ ভুৱা। ২২ এপ্ৰিলত অমিত শ্বাহে কোনো ৰেলীত অংশগ্ৰহণ কৰা নায়। কাৰণ পশ্চিমবংগৰ সকলো ৰেলী ইতিমধ্য়ে বাতিল কৰিছে বিজেপিয়ে। তেওঁলোকৰ অন্তিমখন ৰেলী আছিল ১৮ এপ্ৰিলত।
শ্বেয়াৰ কৰা ভুৱা পোষ্টটোৰ Archive সংস্কৰণ তলত দিয়া হৈছে
দাবীঃ
২২ এপ্ৰিলত পশ্চিমবংগত অমিত শ্বাহৰ ৪খন ৰেলী
অনুসন্ধানঃ
হেডলাইন৮ৰ তৰফৰ পৰা যেতিয়া এই পোষ্টটো অনুসন্ধান কৰা হ’ল তেতিয়া জানিব পৰা গ’ল যে ভাইৰেল হোৱা এই টুইটাৰ পোষ্টটো ভুৱা।
আমি ইয়াৰ সত্য়তা নিৰূপন কৰিবলৈ প্ৰথমে Reverse Image Searchত ফটোখন আপলোড কৰিলো।
তাত দেখিলো যে, এনেধৰণৰ কোনো টুইটাৰ পোষ্ট ক’তো আপলোড হোৱা নাই গতিকে এই পোষ্টটো ভুৱা।
লগতে আমি বিজেপিৰ টুইটাৰ একাউণ্টতেই হওক বা ফেচবুকেই হওক এনেধৰণৰ কোনো পোষ্ট প্ৰত্যক্ষ কৰা নাই।
লগতে পোষ্টটোত উল্লেখিত ছচিয়েল মিডিয়াৰ লিংক ৪টাও আমি খুলি চাইছিলো তাতো ২২ এপ্ৰিলৰ কোনো ৰেলীৰ লাইভ প্ৰত্যক্ষ নকৰিলো।
ফলাফলঃ
ওপৰত উল্লেখ কৰা টুইটাৰ পোষ্টটো ভুৱা। অমিত শ্বাহে ২২ এপ্ৰিলত পশ্চিমবংগত কোনোধৰণৰ ৰেলীত অংশগ্ৰহণ কৰা নায়।
১৮ এপ্ৰিলতে বিজেপিৰ অন্তিমখন ৰেলী আছিল পশ্চিমবংগত।
Photo: Twitter