ভাৰতত ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।
ভাৰতত ক’ৰোনা সংক্ৰমণৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি সমগ্ৰ বিশ্বৰ বাবে এক সকীয়নি বুলি মন্তব্য কৰিছে UNICEFয়ে।
UNICEFয়ে জনাই যে ভাৰতত ক’ৰোনা সংক্ৰমণৰ ফলত হোৱা মৃত্যু ,অক্সিজেন তথা জৰুৰীকালীন সামগ্ৰীৰ নাটনি ,ভাইৰাছৰ ৰূপ সলনি আদি বিষয় সমূহ সমগ্ৰ বিশ্বৰ বাবে এক সকীয়নি ।
লগতে সমগ্ৰ বিশ্বই ইয়াৰ বাবে দেশ খনক সহায় সহযোগিতা আগবঢ়াব লাগে।
তাৰোপৰি বিশ্বৰ সকলো দেশে সতৰ্কতা অৱলম্বন কৰি চলিব লাগে।
উল্লেখযোগ্য যে ভাৰতত ক’ৰোনাৰ বাবে সৃষ্টি হোৱা বিপদৰ বাবে,
UNICEFয়ে ভাৰতক ২০ লাখ ফেচশ্বিল্ড আৰু ২ লাখ মাস্ক তথা বিভিন্ন জৰুৰীকালীন সামগ্ৰী যোগান ধৰিছে।
Photo Credit : Google