দিনে দিনে ড্রাগছ পেদলাৰৰ প্রকোপ বৃদ্ধি পাই আহিছে| তাৰ সমান্তৰাল ভাৱে অসম আৰক্ষীও সস্তম হোৱা দেখা গৈছে|
পল্টন বজাৰ আৰক্ষীয়ে দুগৰাকী ফুদ দেলিভাৰী কৰা লোকক ড্রাগছৰ পেদলিং কৰা সময়ত হাতে লোতে কৰায়ক্ট কৰে| উল্লেখ যোগ্য যে, ইয়াত এগৰাকী মহিলাও জড়িত হৈ আছে|
পল্টন বজাৰ আৰক্ষীয়ে দক্ষিণ শৰণিয়াত অভিযান চলোৱাত এই ড্রাগছ পেদলিংৰ লগত জড়িত হৈ থকা Zomato, Swiggy আদিত কৰ্মৰত অৱস্থাত ক্রমে ৭নং পথত দীলিপ চৰকাৰৰ পুত্র শুভংকৰ চৰকাৰ(২০), ৪নং পথত গণেশ দাসৰ পুত্র ব্রজেন দাস(২১) আৰু ৭নং পথত লক্ষীন্দ ৰয়ৰ পত্নী গায়ত্রী ৰয়ক আটক কৰে|
আৰক্ষীৰ এই দলটোৱে আটক কৰা লোক সকলৰ পৰা ৬গ্রাম ব্রাউন চুগাৰ জব্দ কৰে|
ব্রজেন দাস নামৰ লোক জন Swiggy আৰু Zomato ত Food delivery ত কৰ্মৰত হৈ আছিল|
আকৌ, চান্দমাৰি আৰক্ষীয়ে অভিযান চলায় দুগৰাকী ড্রাগছ পেদলাৰক আটক কৰে| দুয়োগৰাকী পেদলাৰৰ নাম ক্রমে, য়ুভ আলি আৰু বাপধন পাঠক|