অসম অৰুণাচল সীমান্তৰ বান্দৰদেৱাত ষ্টেট বেংকৰ CSPত চোৰে চলালে লুট-পাত। চোৰে লুটি নিলে ২ লাখৰো অধিক টকা। খুলি লৈ গ’ল চিচি কেমেৰাৰ DVR। কাটি থৈ গ’ল চিচি কেমেৰাৰ সংলগ্ন তাঁৰ। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্তসকলৰ ওপৰত সন্দেহ প্ৰকাশ CSP কৰ্তৃপক্ষৰ। অতিকে পৰিতাপৰ বিষয় যে সান্ধ্য আইন চলি থকা আৰু আৰক্ষীয়ে দিনে-ৰাতিয়ে তহল দি থকা সময়ত কেনেকৈ চোৰে লুটি নিব পাৰিলে সেইটোহে ডাঙৰ প্ৰশ্ন?