বন্ধুৱে চাইকেল এখন ল’লে।দাম প্ৰায় বাইশ হেজাৰ টকা। চলাই চালো। চলাবলৈ বৰ আৰাম। বেছি বল প্ৰয়োগ কৰিব নালাগে।এনেকুৱা চাইকেল আজিকালি বৰকৈ চলিছে। মানুহে আকৌ চাইকেল চলাই ভাল পোৱা হৈছে। চাইকেল এক ফেশ্যন হৈ পৰিছে আৰু সঁচাকৈয়ে এয়া বৰ ভাল খবৰ। এক বাতৰিত পঢ়িছিলো, যোৱা বছৰৰ লক ডাউনৰ সময়ছোৱাত হেনো মহানগৰীত চাইকেল বিক্ৰীৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি পাইছিল। মহানগৰীৰ ৰাস্তাত সন্ধিয়া পৰত ভিৰ কৰা স্বাস্থ্যসচেতন চাইকেল আৰোহীৰ বৰ্দ্ধিত সংখ্যালৈ চাই এই বাতৰিত অতিশয়োক্তিৰ ৰেশ থকা যেন নালাগে।
ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে দেউতাক কুটৰি কুটৰি চাইকেল এখন লৈছিলো।বি এচ এ কোম্পানীৰ।নিজাকৈ চাইকেল এখন পোৱাৰ আগেয়ে দেউতাৰ হিৰ’ চাইকেলখনকে চলাই ফুৰিছিলো।ছিটটোত বহিলে ভালদৰে পেডেল ঢুকি নাপাও বাবে হাফ পেডেল মাৰি মাৰিয়েই তীৰবেগে চলাই ফুৰিছিলো।আকৌ সন্মুখৰ ক্ৰছবাৰ পাটত বহুৱাই লৈছিলো ভণ্টীক।তেনেদৰে চাইকেল চলাই কিমান দিন পৰিলো, কেইবাৰ মোৰ থুঁতৰি ফাটিল হিচাপ নাই।প্ৰতিবাৰেই নিজে পৰাৰ লগতে ভণ্টীকো পেলোৱাৰ অপৰাধত ঘৰত গালি খাইছো, চেকনিৰ কোবো খাইছো।সেইবোৰ শৈশৱৰ স্মৃতি, সোণোৱালী অতীত। সেয়া সোঁৱৰণৰ অজুহাত চাইকেল।যি নহওঁক, চাইকেলৰ প্ৰতি থকা আকৰ্ষণ কেতিয়াও নকমিল।আৰু কলেজীয়া দিনবোৰলৈকে চাইকেলেই সাৰথি আছিল হেতুকে এতিয়াও চাইকেল চলাই থাকিলে মোৰ সহজে ভাগৰ নালাগে। আচলতেই চাইকেল চলোৱাৰ দৰে ভাল শাৰীৰিক কচৰৎ নাই। বিশেষকৈ হাঁওফাঁওৰ সক্ষমতা বৃদ্ধিৰ বাবে চাইকেল চালনা বিশেষ ভাৱে উপযোগী বুলিহ জ্ঞান কৰা হয়।
যি নহওঁক, চাইকেলৰ এই হঠাত জনপ্ৰিয়তা বৃদ্ধিৰ আজিৰ সময় আৰু চাইকেল চলোৱাটো এক বাধ্যবাধকতা হৈ ৰোৱাৰ অৰ্থাৎ আজিৰ পৰা প্ৰায় পোন্ধৰটা বছৰ পূৰ্বৰ সময়খিনিৰ মাজত ৰৈ যোৱা এই ডেৰটা দশকত কিন্তু চাইকেলৰ প্ৰচলন অতিকে হ্ৰাস পাইছিল।বিশ্বায়নে খুলি দিয়া বজাৰবোৰলৈ হৰেক ৰকমৰ স্কুটাৰ, মটৰ চাইকেল আৰু শেহতীয়াকৈ স্কুটি আহিবলৈ লৈছিল।লগে লগেই আহিছিল সেইবোৰ ক্ৰয়ত সুবিধা হওঁক বুলি ঋণ দিয়া অনেক ব্যক্তিগত আৰু চৰকাৰী বেংক।সহজ ই এম আইৰ ব্যৱস্থা, মাহিলি সামান্য অৰ্থৰ বিনিময়তে মটৰ চাইকেল এখন নিজৰ কৰি লোৱাৰ সুবিধা সুলভ হ’ল।ফলত হাট বজাৰ, আলি-পদূলিৰ পৰা উচ্ছেদ ঘটিল চাইকেলৰ।যোৱা দহটা মান বছৰত আকৌ চাৰিচকীয়া গাড়ী এখন লোৱাটোও বেংকসমূহৰ কৃপাত উজু কাম হৈ পৰিল।ফলত প্ৰয়োজন নাথকিলেও গাড়ী এখন কিনা মানুহৰ সংখ্যা বঢ়িল। ধীৰে ধীৰে গাড়ীোখনো হৈ পৰিল ষ্টেটাছ চিম্বল। অৱশ্যেই সময়ৰ লগে লগে মানুহৰ ব্যস্ততা বাঢ়িল।দ্ৰুত যাতায়ত ব্যৱস্থা বিশেষভাৱে আৱশ্যকীয় হৈ পৰিল।তেনেস্থলত বিলাসী গাড়ীৰে ৰাজপথ ভৰি পৰাত একো অস্বাভাৱিকতা নাছিল।এইদৰেই যান জঁট হৈ পৰিল নগৰীয়া জীৱনৰ অবিচ্ছেদ্য অংগ। গুৱাহাটী মহানগৰৰ কথা বাদেই দিলো,মফছলীয় চহৰসমূহতো আৰম্ভ হ’ল যান জঁটৰ নিৰ্মম অত্যাচাৰ।আৰু যন্ত্ৰ নিৰ্ভৰ এক জীৱন প্ৰাপ্তিৰ বাবে আমাৰ বৰ্ধিত হাবিয়াসৰ এই ধামখুমিয়াত বেচেৰা চাইকেলখননো টিকি থাকে কিদৰে?
পিছে ক’ৰ’না আৰু লক ডাউনে সকলোবোৰ কথা সলনি কৰি পেলালে।বন্দীত্বৰ দুই তিনিটা মাহত মানুহে কিছু পৰিমাণে হ’লেও অনুভৱ কৰিলে যে অতিমাত্ৰা প্ৰযুক্তি নিৰ্ভৰশীলতাই আমাৰ জীৱন নৰককুণ্ডলৈ পৰ্যবসিত কৰিছে।ৰাজহুৱা পৰিবহন ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ মানুহ শংকিত হৈ পৰিল, আনহাতে ক’ভিড-১৯ ৰ পৰা হাত সাৰিবলৈ শাৰীৰিক সক্ষমতা বৃদ্ধিৰ স্বাৰ্থতো মানুহে চাইকেল চালনাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰিলে।বি বি চিৰ এক প্ৰতিবেদন অনুসৰি লছ এঞ্জেলেছ আৰু হাউষ্ট’নৰ দৰে আন্তৰ্জাতিক মহানগৰত চাইকেলৰ বিক্ৰীৰ হাৰ আছিল অভাবনীয়।আনহাতেহ জিমখানা আৰু ছুইমিঙ পুল সমূহো দীৰ্ঘকাল ধৰি বন্ধ থকাৰ বাবেও মানুহে শাৰীৰিক কচৰতৰ বিকল্প পন্থা হিচাপে চাইকেল চালনাক বাচি লৈছিল বুলি একেখন প্ৰতিবেদনত প্ৰকাশ।আকৌ বন্দীত্বৰ সময়ছোৱাত মানুহে নিজক চোৱাৰ সুযোগ পালে। হয়তো পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পোৱা হেতুকেই স্মৃতি ৰোমন্থনৰো অজুহাত ওলালব।আকৌ আগৰ সময়বোৰলৈ উভতি যাবলৈ উদগ্ৰীব হৈ পৰিল মানুহ।এইদৰেই লক ডাউনৰ সেই সময়ছোৱাৰ ভালেখিনি সু প্ৰভাৱ আমাৰ সামাজিক আৰু ব্যক্তিগত জীৱনত পৰা দেখিবলৈ পোৱা গৈছে।লক ডাউনৰ পিছতেই কিতাপৰ বিক্ৰী বাঢ়িছে,আকৌ চাইকেল চলোৱা মানুহৰ সংখ্যাও বাঢ়িছে। এই সকলোবোৰেই মানুহৰ অতীতলৈ জাগি উঠা হাবিয়াসৰ কথাকে প্ৰতিফলিত কৰিছে।যি নহওঁক, লক ডাউন আৰু ক’ৰ’নাইয়ে চাইকেলৰ হৃত সন্মান ঘুৰাই আনিলে। বিশ, ত্ৰিছ হেজাৰ টকীয়া চাইকেল আয়াসতে বক্ৰী হৈ গ’ল।কিন্তু চাইকেলৰ এই মৰ্যাদা কিমান দিনলৈ অটুত থাকে সেয়াহে লক্ষণীয় কথা হ’ব।নিজৰ স্বাৰ্থতে আমি চাইকেল চলোৱাটোক এক ফেশ্যনেবল কচৰৎ হিচাপে ধৰি ৰখা দৰকাৰ।ই আমাৰ সুস্বাস্থ্যৰ নিশ্চিতি দিয়াৰ লগতে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণটো সহায়ক হ’ব।ই পথৰ ওপৰত আহি পৰা অত্যাধিক চাপ হ্ৰাস কৰিব। ইন্ধনৰ অপ্ৰয়োজনীয় ব্যয়ো কমাব।
——