অহা ৭ জুলাইৰ পুৱা ১১বজাত মোহময়ী অভিনেত্ৰী য়ামী গৌতম হাজিৰ হ’ব লাগিব ই ডিৰ কাৰ্যালয়ত।বিয়াৰ কেইদিনমানৰ পিছতে অভিনেত্ৰী য়ামী গৌতমলৈ আহিল ই ডিৰ চমন।এই চমনৰ কাৰণ তেওঁৰ বিৰুদ্ধে উঠা বিদেশী মুদ্ৰা বিনিময় আইন উলংঘা কৰাৰ অভিযোগ।
অভিযোগ উঠিছিল যে অভিনেত্ৰী গৰাকীৰ বেংক একাউন্টত প্ৰায় ১.৫কোটি টকা মূল্যৰ সমপৰিমাণৰ বিদেশী মুদ্ৰাৰ লেনদেন হৈছিল অথচ এই সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা নাছিল য়ামী গৌতমে। উল্লেখ্য যে এয়া হ’ল য়ামীলৈ অহা দ্বিতীয়খন চমন।