আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। আজিৰ পৰা বাইশটি বছৰ পূৰ্বে সীমান্তৱৰ্তী কাৰ্গিলত ভাৰতীয় সেনাই উৰুৱাইছিল পাকিস্তানী সেনাৰ বিৰুদ্ধে বিজয় নিচান।
প্ৰায় ডেৰমাহ জুৰি দেশমাতৃৰ মান ৰক্ষাৰ হকে চলা সেই যুদ্ধত অকাতৰে আত্মবলিদান দিছিল বহু ভাৰতীয় বীৰ পুত্ৰই। চিৰদিনলৈ ঘুণীয়া হৈছিল অইন বহুজন। আৰু সেই সমস্ত ত্যাগৰ অন্তত আহিছিল কাংক্ষিত বিজয়। কাৰ্গিলৰ ১৮০০০ ফুট উচ্চতাৰ ভূমিত উৰিছিল বিজয়ৰ নিচান।
আন বহুজনৰ লগতে সেই যুদ্ধত দেশৰ বাবে জীৱন উৎসৰ্গা কৰিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈয়েও। মৃত্যুৰ দহ দিনৰ পিছত বৰফৰ মাজৰ পৰা উদ্ধাৰ হৈছিল আন বহু জনৰ লগতে বীৰ শ্বহীদ গৰাকীৰ নিঠৰ দেহ।
গৌৰৱোজ্জ্বল এই দিনটোত প্ৰতিগৰাকী বীৰ শ্বহীদলৈ আমাৰ একাঁজলি শ্ৰদ্ধাঞ্জলি।লগতে অসমৰ বীৰ সন্তান জিণ্টু গগৈলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম।