লকডাউনে জুৰুলা কৰিছে অ’লা, উবেৰৰ চালকক। আজি গুৱাহাটী মহানগৰীৰ চচলত প্ৰায় ৩০০ অ’লা, উবেৰৰ চালকে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী চালকসকলে কয়- “আমাৰ উপাৰ্জনৰ লাভৰ অধিকাংশই কোম্পানীয়ে লয়, আমাৰ ওচৰত বাকী একো নাথাকেগৈ। ফলত আমি অনাহাৰে থাকিবলগীয়া অৱস্থাও হৈছিল।”
লগতে কয় যে-“অ’লা আৰু উবেৰৰ মালিকসকলে আমাক প্ৰতাৰণা কৰিলে। মই কৰ’ণা মহামাৰীৰ সময়ত ই এম আই দিব নোৱাৰাত কোম্পানীয়ে মোৰ গাড়ীখন উঠাই লৈ গ’ল।ইয়েই মোৰ একামাত্ৰ উপাৰ্জনৰ পথ আছিল।এতিয়া মোৰ আত্মহত্যাৰ বাবে অন্য কোনো ৰাস্তা নাই।”
আনহাতে কৰ’ণা মহামাৰীৰ বাবে সম্প্ৰতি ১০,০০০ত কৈ অধিক অ’লা আৰু উবেৰৰ চালকে উপাৰ্জনৰ পথ হেৰুৱাইছে।