ৰাজ্যত হ্ৰাস পাইছে কৰ’ণাৰ প্ৰকোপ। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নতুন এছ অ’ পি অনুসৰি ১ অক্টোবৰৰ পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠ্যক্ৰম আৰম্ভ কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল।
যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল ৰাজ্যৰ বিদ্যালয়সমূহ। ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অফলাইন মাধ্যমেৰে আৰম্ভ হৈছে।
দীৰ্ঘদিন ধৰি কৰ’ণাৰ বাবে অনলাইন পাঠ্যক্ৰম অব্যাহত হৈ আছিল। কিন্তু ৰাজ্যৰ প্ৰতিটো ছাত্ৰ-ছাত্ৰীৰ অনলাইন মাধ্যমৰ শিক্ষা গ্ৰহণ কৰাটো সম্ভৱপৰ নথকাত বহু ছাত্ৰ-ছাত্ৰীয়ে বিপাঙত পৰিছিল। ইয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মোবাইল ফোন প্ৰদানৰ কথাও ঘোষণা কৰিছিল।
ইতিধ্যে নৱম, একাদশ আৰু স্নাতক মহলাৰ শিক্ষাৰ্থীসকলৰ পাঠদানৰ বাবে বিদ্যালয়সমূহ ছেনিটাইজৰ কৰি পৰ্যাপ্ত সুবিধা উপলব্ধ কৰা হৈছে। শিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষাগ্ৰহণ কৰিব পৰাকৈ শ্ৰেণী কোঠাসমূহত ব্যৱস্থা কৰা হৈছে। শিক্ষক, শিক্ষয়ত্ৰীসকলেও ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে।