ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শন সন্দৰ্ভত এখন এছঅ’পি জাৰি কৰা হৈছে।
ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত জিলা/মহকুমা প্ৰশাসনৰ দায়িত্ব:
- ক’নটেইনমেণ্ট জ’ন নথকা বা শেহতীয়াকৈ যথেষ্ট সংখ্যক লোকৰ ক’ভিড সংক্ৰমন পৰিলক্ষিত নোহোৱা এলেকাতহে ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি
- থিয়েটাৰ আমন্ত্ৰণ কৰা স্থানীয় আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্যই দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো উপায়ুক্ত/মহকুমাধিপতিয়ে সুনিশ্চিত কৰিব
- অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)ই জাৰি কৰা ক’ভিড বিধিৰ আধাৰত থিয়েটাৰ পাতিবলৈ চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিব
- থিয়েটাৰ থলীত ক’ভিড বিধি আৰু ভ্ৰাম্যমান থিয়েটাৰৰ বাবে প্ৰযোজ্য কৰা মানক সঞ্চালন প্ৰক্ৰিয়াৰ নিয়মসমূহ পালন হৈছে নে নাই, সেয়া প্ৰশাসনে যিকোনো সময়তে পৰীক্ষা কৰিব।
- উলংঘন ধৰা পৰিলে থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি তাৎক্ষণিক ভাৱে বাতিল কৰিব আৰু আয়োজক সমিতি, থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।
- প্ৰয়োজন সাপেক্ষে জিলা/মহকুমা প্ৰশাসনে থিয়েটাৰ থলীৰ সমীপৱৰ্তী এলেকাত প্ৰথম পালি বা দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিব।
◆ ভ্ৰাম্যমান থিয়েটাৰৰ স্থানীয় আয়োজক সমিতিৰ দায়িত্ব:
- আয়োজক সমিতিয়ে ক’ভিড বিধি আৰু ভ্ৰাম্যমানৰ এছঅ’পিৰ নিয়মসমূহ সম্পূৰ্ণ ভাৱে পালন কৰিব বুলি লিখিত নিশ্চয়তা প্ৰদান কৰি জিলা/মহকুমা প্ৰশাসনৰ পৰা লিখিত অনুমতি ল’ব লাগিব।
- আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্য আৰু স্বেচ্ছাসেৱকে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক।
- থিয়েটাৰ চাবলৈ মাস্ক অবিহনেই অহা দৰ্শকক আয়োজকৰ ফালৰ পৰাই মাস্কৰ ব্যৱস্থা কৰি দিহে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব পাৰিব। প্ৰত্যেক প্ৰৱেশদ্বাৰতে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।
- আয়োজকে টিকটত সহজেই চকুত পৰাকৈ ডাঙৰ আখৰেৰে ‘সকলোৱে ক’ভিড বিধি মানি চলক’ আৰু ‘সকলোৱে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰক’ বুলি ছপা কৰিব লাগিব।
- আয়োজক সমিতিয়ে থিয়েটাৰ থলীৰ লগতে আশ-পাশৰ এলেকাত ৰাইজক ক’ভিড বিধি মানি চলাৰ লগতে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাই সঘনাই মাইকেৰে ঘোষণা কৰিব লাগিব।
- আয়োজক সমিতিয়ে প্ৰতি নিশা সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই দৰ্শকসকল নিজ ঘৰলৈ ঘূৰি যাব পৰাকৈ সান্ধ্য আইনৰ যথেষ্ট পূৰ্বেই নাট প্ৰদৰ্শন বন্ধ কৰিব লাগিব।
- প্ৰেক্ষাগৃহত দৰ্শকসকলৰ মাজত ন্যূনতম সামাজিক দূৰত্ব ৰক্ষা হোৱাকৈ নিৰ্দিষ্ট দূৰত্বত আসনৰ ব্যৱস্থা কৰিব লাগিব।
- প্ৰতি দুসপ্তাহৰ মূৰত থিয়েটাৰৰ প্ৰতিগৰাকী সদস্যৰ RAT/RTPCR ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। জিলা/মহকুমা প্ৰশাসনে বিচাৰিলে থিয়েটাৰৰ সদস্যসকলে শেহতীয়া ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ দেখুৱাব লাগিব।
- প্ৰেক্ষাগৃহত নাট প্ৰদৰ্শনৰ পূৰ্বে, মাজত আৰু শেষত দৰ্শক-ৰাইজৰ বাবে ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিড বিধি সঠিক ভাৱে পালনৰ বাবে আহ্বান জনাই ঘোষণা আদি আগবঢ়াব।
- প্ৰতিনিশাই সান্ধ্য আইনৰ যথেষ্ট পূৰ্বেই সেই নিশাৰ নাট প্ৰদৰ্শন সামৰিব লাগিব। দৰ্শকসকলে যাতে সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই নিজৰ ঘৰ গৈ পায়, তাৰ বাবে আগতীয়াকৈ নাট প্ৰদৰ্শন সামৰণি পেলাব।
- ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নিৰ্ধাৰিত ‘মানক সঞ্চালন প্ৰক্ৰিয়া’ (এছঅ’পি) আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)ৰ ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে স্বত্ত্বাধিকাৰীসহ থিয়েটাৰ গোষ্ঠী আৰু আয়োজকৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।
- ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত এই মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি)ত প্ৰয়োজনীয় সাল-সলনি ঘটোৱা হ’ব।