ৰাজ্যৰ গৃহ বিভাগ, শিক্ষা বিভাগ, সমাজ কল্যান বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ, লোক নিৰ্মাণ বিভাগ, তথ্য আৰু সংযোগ বিভাগ, খাদ্য আৰু অসামিৰক যোগান বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিত নতুন পদ সৃষ্টি কৰাৰ লগতে পূৰ্বৰে পৰা খালী হৈ থকা পদসমূহত নিযুক্তি দিবৰ বাবে অসম চৰকাৰৰ কেবিনেটে অনুমতি প্ৰদান কৰিছে। সেয়েহে ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই এই পদসমূহ পূৰণ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আজি বিধান সভাত উত্থাপিত এটি প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অজন্তা নেওগে জানিৱলৈ দিয়ে।