নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীয়ে পাব পাৰে ভাল খবৰ। অসম-মেঘালয় সীমা বিবাদৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে আগবাঢ়িছে।
কইনাধৰাত বুধবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই পুনৰ এক বৈঠকত মিলিত হয়।
উল্লেখ্য যে, বুধবাৰে কইনাধৰাত অসম-মেঘালয় সীমান্ত বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত উপস্থিত থাকে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰিকাকে ধৰি মেঘালয়ৰ বহুকেইগৰাকী মন্ত্ৰীৰ লগতে ৰাজ্য দুখনৰ জ্যেষ্ঠ বিষয়াসকল।