অসম বিধানসভাৰ চতুৰ্থটো দিনৰ আৰম্ভণিতে বিধায়ক অখিল গগৈয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। এ পি এছ চিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত বাদ দিবলৈ অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল আৰু চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে।
‘এ পি এছ চিত অসমীয়া ভাষা শেষ? ’ভাষা নাথাকিলে জাতি নাথাকে’ আদি বাক্য লিখা পোচাক পৰিধান কৰি প্ৰতিবাদ জনাইছে বিধায়ক গৰাকীয়ে। এ পি এছ চিৰ পৰা অসমীয়া ভাষা বাদ দিয়াটো অসমীয়াই মানি ল’ব নোৱাৰে আৰু এই সিদ্ধান্ত অসমীয়া জাতিৰ আত্মঘাটি সিদ্ধান্তৰ লগতে এনেধৰণৰ সিদ্ধান্তই অসমীয়া জাতি সম্পূৰ্ণৰূপে শেষ কৰিব বুলিও তেওঁ শংকা প্ৰকাশ কৰিছে।