দেশত বৃদ্ধি পোৱা অমিক্ৰনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক আহ্বান কৰিছে। এই বৈঠকত স্বাস্থ্য বিভাগৰ বিষয়া আৰু আন কেইবাটাও বিভাগৰ বিষয়া উপস্থিত থাকিব। বৈঠকত অমিক্ৰনৰ বৰ্ধিত সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ আলোচনা কৰা হ’ব।
দেশত বৰ্তমান অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৫৪ জনলৈ বৃদ্ধি পাইছে। অতি শেহতীয়াকৈ উত্তৰাখণ্ড আৰু হাৰিয়ানাতো ক’ৰোনাৰ এই নতুন প্ৰকাৰে প্ৰৱেশ কৰিছে। পশ্চিমবংগতো বিদেশৰ পৰা উভতি অহা ২ জন লোকক অমিক্ৰন পজিটিভ পোৱা গৈছিল। হাৰিয়ানাত ৪ জন সংক্ৰমিত ব্যক্তি চিনাক্ত কৰা হৈছে। কেৰালা আৰু গুজৰাটত বুধবাৰে ৯ জনকৈ নতুন ৰোগী চিনাক্ত কৰা হৈছে।