নিবনুৱা সমস্যা আৰু অসম…
যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। চাকৰিৰ অভাৱত বহু নিৱনুৱাই বহি: ৰাজ্যলৈ ঢাপলি মেলিছে। হয়তো অসমৰ এই ভয়ংকৰ সমস্যাৰ বাবেই অসম চৰকাৰৰ Skill Employment and Enterprenership ৰ তত্বাৱধানত প্ৰতিখন জিলাতেই আয়োজন কৰিছিল এখন নিয়োগ মেলা।
এই নিয়োগ মেলাৰ বাবে বহু লোক ওলাই আহিছিল মাথো এটা চাকৰিৰ বাবে। এই নিয়োগ মেলাখনেই প্ৰমাণ কৰিলে অসমৰ নিবনুৱা লোকৰ ভয়ংকৰ সংখ্যা? নিয়োগ মেলাত বৃহস্পতিবাৰে লাখ লাখ লোকৰ সমাগম দেখিবলৈ পোৱা গ’ল । বহু আশা লৈ ওলাই আহিল লক্ষাধিক নিৱনুৱা।
কিন্তু কিমান ফলপ্ৰসূ হ’ল এই নিয়োগ মেলা? পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই মেলাখনত কিমানক দিয়া হ’ল নিযুক্তি ?
অতি পৰিতাপৰ বিষয়, এই মেলাখনত অংশ লবলৈ যোৱা চাকৰি প্ৰত্যাশী নিবনুৱা সকলে বিমুখ হৈ ঘূৰি আহিবলগীয়া হ’ল। লকডাউনে বহু লোকৰ সংস্থাপনৰ বাট বন্ধ কৰি দিয়াৰ সময়তে এই নিয়োগ মেলাই বিভিন্নজনৰ বাবে সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ প্ৰত্যাশা কৰা হৈছিল যদিও বাস্তৱত পোৱা গ’ল এখন নিৰাশাজনক ছবি৷
বিভিন্ন প্ৰান্তত সংঘটিত হ’ল অপ্ৰীতিমূলক ঘটনা। বিভিন্ন জনে নিয়োগ মেলাৰ পৰিস্থিতিৰ বিষয়ে বহু নিবিচৰা মন্তব্য আগবঢ়ালে। এই নিয়োগ মেলাত প্ৰকাশ পালে এখন ভয়ংকৰ ফটো। যিখন দুখলগা ফটোত প্ৰাৰ্থীসকলে চাকৰিৰ বাবে দিয়া আবেদন মাটিত পৰি থকা দেখিবলৈ পোৱা গ’ল ।
এই ভয়ংকৰ ফটোখনৰ পিছতেই দেখা গল নিয়োগ মেলাৰ প্ৰকৃত স্বৰূপ ।