বাংলাদেশ সম্প্ৰতি জেহাদৰ কৰাল গ্ৰাসত। আনকি নিজস্ব মুদ্ৰা প্ৰচলন কৰিলে সন্ত্ৰাসবাদী সংগঠন আৰাকান ৰোহিংগ্যা ছালভেচন আৰ্মি (আৰছা)য়ে। তথ্য অনুসৰি, ম্যানমাৰত সন্ত্ৰাসবাদী সংগঠন আৰছাই নিজক অধিক শক্তিশালী কৰিবলৈ বাংলাদেশৰ কক্সবাজাৰত থকা ৰোহিংগ্যা শৰণাৰ্থী শিবিৰত নিজস্ব মুদ্ৰা প্ৰচলন আৰম্ভ কৰিলে।
সামাজিক মাধ্যমৰ জৰিয়তে আৰছাই ইতিমধ্যে নিজস্ব মুদ্ৰা প্ৰচলনৰ কথা ব্যাপকভাৱে প্ৰচাৰ কৰিছে। উল্লেখ্য যে ২০১৭ বৰ্ষত ম্যানমাৰৰ একাধিক সেনাৰ ঘাটিত আৰছাই আক্ৰমণ সংঘটিত কৰিছিল আৰু তাৰপাছতে দেশৰ সেনাবাহিনীয়ে আৰছাসহ ৰোহিংগ্যা সন্ত্ৰাসবাদীৰ বিৰুদ্ধেও ব্যাপক অভিযান চলাইছিল।
এই মুহূৰ্তত বাংলাদেশত প্ৰায় ১১ লাখৰো অধিক ৰোহিংগ্যা শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে।