ভাৰতত ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৮১জনলৈ বৃদ্ধি পালে। আনহাতে বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে ৯,১৯৫জন লোক আৰু মৃত্যু হৈছে ৩০২জন। বৰ্তমান দেশত ৭৭ হাজাৰৰো অধিক কোভিড ৰোগীৰ চিকিৎসা চলি আছে। নতুন সংখ্যাকে ধৰি দেশত ক’ৰোনা সংক্ৰমিতৰ মুঠ সংখ্যা ৩ কোটি ৪৮ লাখ ৮ হাজাৰ ৮৮৬জন হ’লগৈ। এতিয়ালৈ ৪ লাখ ৮০ হাজাৰ ৫৯২জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত।
নতুন সংখ্যা অনুসৰি, অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৭৮১জনৰ ২৪১জনে সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিছে। অমিক্ৰন ভেৰিয়েণ্টৰ আটাইতকৈ বেছি ঘটনা (২৩৮) দিল্লীত পোৱা গৈছে। ইয়াৰ পিছত মহাৰাষ্ট্ৰত ১৬৭জন ৰোগী ধৰা পৰিছে। দেশৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অমিক্ৰন বিয়পিছে। শেহতীয়াকৈ মণিপুৰ, লাডাখ, হিমাচল প্ৰদেশ, গোৱাতো অমিক্ৰন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।