নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত যোৱা বৃহস্পতিবাৰে দিগন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰা হয়। সাহিত্য অকাডেমিৰ অধ্যক্ষ চন্দ্ৰশেখৰ কাম্বৰাৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে দিগন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, সাহিত্য অকাডেমিয়ে ২০২০ বৰ্ষৰ অনুবাদ বঁটাপ্ৰাপকসকলৰ নাম যোৱা ১৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। শ্ৰীঅৰবিন্দৰ ‘ৰেইনেইচেঞ্চ আন ইণ্ডিয়া এণ্ড আদাৰ এছেজ আন ইণ্ডিয়া কালচাৰ’ শীৰ্ষক গ্ৰন্থখন ‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ নামেৰে অসমীয়ালৈ অনুবাদ কৰাৰ বাবে দিগন্ত বিশ্ব শৰ্মাক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছিল। অসমৰ আন এজন সাহিত্যিক কামেশ্বৰ ব্ৰক্ষ্ময়ো বড়ো ভাষাৰ বাবে সাহিত্য অকাডেমি অনুবাদ বঁটাৰ বাবে নিৰ্বাচিত হৈছিল।