চিকিৎসালয়ৰ পৰা ৰিলিজ পালে সৌৰভ গাংগুলীয়ে। ক’ৰোনাত আক্ৰান্ত হোৱা গাংগুলীৰ ৰিপ’ৰ্ট শেহতীয়াকৈ নিগেটিভ আহিছে। নতুনকৈ জ্বৰ, চৰ্দি নাই লগতে অক্সিজেনৰ মাত্ৰাও নিয়ন্ত্ৰণাধীন। বৰ্তমান ক্ৰিকেটাৰজনৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে। ঘৰলৈ উভতি গাংগুলীয়ে থাকিব লাগিব হোম আইছ’লেচনত।
জনা গৈছে যে, গাংগুলীক এণ্টিবডী ককটেইল দিয়া হৈছিল আৰু ইয়েই যথেষ্ট সুফল দিয়া বুলি মন্তব্য চিকিৎসকৰ। অৱশ্যে সময় মতে ভিটামিন আৰু থেৰাপি চলিব গাংগুলীৰ। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অক্সিজেন, ব্লাড প্ৰেছাৰ আদি পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিছে চিকিৎসকে। এই সময়ত তেওঁক প্ৰটিনসমৃদ্ধ খাদ্য খাবলৈ দিয়া হৈছে।