দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক’ৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য অসমৰ ৰাখি চুবুৰীয়া ৰাজ্য মেঘালয়ত জাৰি কৰা হ’ল নতুন SOP। ৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে SOP। বহিৰাজ্যৰ লোকে মেঘালয়ত প্ৰৱেশৰ পূৰ্বে দেখাব লাগিব RTPCR নিগেটিভ ৰিপ’ৰ্ট।
৭২ ঘণ্টাৰ ভিতৰত নিগেটিভ ৰিপ’ৰ্ট দেখাব লাগিব। মেঘালয়ত যুগ্ম-অযুগ্ম নীতিৰে চলিব বাহন। লগতে সকলোধৰণৰ জনসমাগম, ৰাজনৈতিক, সামাজিক অনুষ্ঠান নিষিদ্ধ কৰা হৈছে। বিবাহৰ অনুষ্ঠানত সৰ্বাধিক ১০০ লোকৰ উপস্থিতিত অনুমতি।শেষকৃত্য অনুষ্ঠানত সৰ্বাধিক ৫০ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ কাৰ্ফিউ।