অসমত চিনাক্ত হৈছে অমিক্ৰনত আক্ৰান্ত প্ৰথমজন ব্যক্তি। সোণাপুৰত চিনাক্ত হ’ল অসমৰ প্ৰথমজন অমিক্ৰনত আক্ৰান্ত কিশোৰ। স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে এই তথ্য। সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ সংক্ৰমণ। কৰ্মসুত্ৰে মুম্বাইনিবাসী মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল আৰু মেঘালয়ত কোভিড -১৯ পৰীক্ষা কৰাত অমিক্ৰন সংক্ৰমণৰ কথা ধৰা পৰে। অমিক্ৰন সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি পলায়ন কৰে। বৰ্তমান সোণাপুৰ আৰক্ষীয়ে ল’ৰাজনৰ সন্ধান অব্যাহত ৰাখিছে।