ক’ভিডক লৈ অধিক সাৱধানতাৰ প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান৷ সমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াকৈ ক’ভিড সংক্ৰমণ দ্ৰুত গতিত বাঢ়িছে। ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০,৯২৮ টা নতুন ক’ভিড সংক্ৰমণ ধৰা পৰিছে। অৰ্থাৎ এদিনতে ৫৬.৫শতাংশৰো অধিক মাত্ৰাত বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত ৩২৫জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণ ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে। বুধবাৰে ৰাজধানী দিল্লীত ক’ভিড-১৯ৰ ৰোগীৰ দৈনিক সংখ্যা প্ৰায় দুগুণ বৃদ্ধি হয়৷ বুধবাৰে ১০,৬৫৫জন ধৰা পৰে দিল্লীত৷ লগতে পজিটিভিটিৰ হাৰ ১১.৮৮ শতাংশলৈ বৃদ্ধি পাইছে আৰু ৮জনলোকৰ মৃত্যু হৈছে, যিটো প্ৰায় সাত মাহত সৰ্বাধিক বুলি জানিব পৰা গৈছে।
আনহাতে মহাৰাষ্ট্ৰত বুধবাৰে ২৬,৫৩৮ টা নতুন ক’ভিডৰ ঘটনা ধৰা পৰে৷ যি ২৪ ঘন্টাত ৪৩.৭১ শতাংশ বা ৮,০৭২ টা ঘটনা বৃদ্ধি পাইছে। অসমত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৫৯১ জন লোক। বুধবাৰে ৩৪,৩১৪ জন লোকৰ Covid Test সম্পন্ন হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ১.৭২ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।