বৰ্তমান সময়ত বিশ্বত ব্যৱসায়ৰ ক্ষেত্ৰত কাৰিকৰী সজুলিৰ প্ৰয়োগ তথা ইয়াৰ বিষয়ে জ্ঞান গুৰুত্বপূৰ্ণ হৈ উঠিছে ৷ ব্যৱসায়িক প্ৰক্ৰিয়া বৰ্তমান অনলাইন হৈ পৰাত বাণিজ্যিক শাখাত স্নাতক শিক্ষাৰ্থী সকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে ৷ গুৱাহাটীত বাণিজ্যিক শিক্ষাক লৈ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহস্পতিবাৰে
মেনেজমেণ্ট কনক্লেভত ৩ শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত
দেশ-বিদেশৰ ১৮ খন শিক্ষানুষ্ঠানেৰে সম্পন্ন হয় ‘টিকট টু এম বি এ’।
শিক্ষাৰ্থী সকলে কাৰিকৰী দিশৰ ওপৰত বাণিজ্যিক শিক্ষাৰ পাঠ্যক্ৰম নিৰ্বাচন কৰিলে সফলতা লাভ কৰিব বুলি বৃহস্পতিবাৰে বাণিজ্যিক শিক্ষাৰ ওপৰত অনুষ্ঠিত শিক্ষা সমাৰোহত এইদৰে উল্লেখ কৰে আই আই এম কলিকতাৰ অধ্যাপক ডঃ জয়ৰাজ নায়াৰে ৷
উল্লেখ্য যে বাণিজ্যিক শিক্ষাৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৱৰ যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ বাবে প্ৰয়াস অক্ষুন্ন ৰাখি ৰাজ্যৰ অন্যতম ‘কেৰিয়াৰ কাউন্সিলিং গাষ্ঠেী প্ৰিমিয়াৰ ইডুই’ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত কৰে বাণিজ্যিক শিক্ষা সমাৰোহ ৷ ’
টিকট টু এম বিএ’ নামৰ উক্ত অনুষ্ঠানত অসম তথা উত্তৰ পূৱৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে আই আই এম কলকাতাৰ অধ্যাপক ডঃ জয়ৰাজ নায়াৰ, লণ্ডনৰ বুৰ্ণেল বিশ্ববিদ্যালয়ৰ মনোবৈজ্ঞানিক পৰামৰ্শদাতা লয়া আগৰৱাল, এ এল চি ইৰ প্ৰশিক্ষক তথা অধ্যাপক শংকল মূৰুলীধৰণে ৷
শিক্ষা সমাৰোহত ভাগ লৈ বুৰ্ণেল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লয়া আগৰৱালে কয় যে- ‘ক’ভিড পৰিস্থিতিয়ে শিক্ষাৰ্থীৰ মানসিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে ৷ ক’ভিডৰ বাবে পাৰিবাৰিক সমস্যা, হীনমান্যতা, হিংসা, যৌন নিৰ্যাতন আদি কাৰকে দেখা দিছে৷ নিজ মানসিকতাক শক্তিশালী কৰি এই কঠিন সময়ক চেৰ পেলালেই সফলতা নৱ প্ৰজন্মৰ হাতৰ মুঠিত৷ নতুন প্ৰজন্মৰ বহুতেই নিজৰ কেৰিয়াৰ নিৰ্বাচনত দোমোজাত পৰে।
উল্লেখ্য যে এই কেৰিয়াৰ মেলাত ইআইআই এল এম, পাৰুল বিশ্ববিদ্যালয়, আই এছ এম এচ, ইনডাছ বিজনেছ স্কুল আই আই ই বি এম, ৱেলিংকাৰ, ইনষ্টিটিউট অৱ মেনেজমেণ্ট, এটলাছ স্কিলটেক বিশ্ববিদ্যালয়, এছিয়ান বিজনেছ স্কুল, এ বি বি এছ, লেক্সিকন মাইল, আচাৰ্য ইনষ্টিটিউট, এছ আৰ এম, য়াংপ’এক্সকিউটিভ এডুকেছন, বি আই বি এছ, সাৰদা বিশ্ববিদ্যালয়, এই আই টি, ইউ পি ই এছ, অভাৰচিছ এম বি এ আদি দেশ-বিদেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানে এই মহামেলাত ভাগ লয় ৷ উক্ত মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তিনি শতাধিক শিক্ষাৰ্থীয়ে সম্পূৰ্ণ ক’ভিড বিধি অৱলম্বন কৰি অংশলৈ কেৰিয়াৰ গঢ়াৰ নতুন বাটৰ আদিপাঠ গ্ৰহণ কৰে ৷