কোভিড সম্পৰ্কে শুকুৰবাৰে প্ৰকাশ পাব নতুন এছ অ’পি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে আৰু লগতে ৰাইজক স্বাস্থ্যবিধি মানি চলিবলৈও আহ্বান জনাইছে। যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই, তেওঁলোকক অনতিপলমে ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লগতে লকডাউনৰ ফালে ৰাজ্যখনক লৈ যাব বিচৰা নাই বুলিও তেওঁ উল্লেখ কৰে। নতুন SOP ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ উপৰিও বজাৰ-সমাৰত ভিৰ কমোৱাৰ বাবে থাকিব বিশেষ নিৰ্দেশনা। নৈশ কাৰ্ফিউৰ সময়সীমাও সলনি হ’ব পাৰে।