ছ’চিয়েল মিডিয়াত মহিলাসকলক লক্ষ্য কৰি লোৱা ‘বুল্লি বাই’ এপ’ সন্দৰ্ভত সকলো কথা স্বীকাৰ কৰিছে অসমৰ পৰা গ্ৰেপ্তাৰ হোৱা নীৰজ বিষ্ণৈই । অভিযুক্ত নীৰজে আৰক্ষীৰ জেৰাত কেইবাটাও গোপন কথা মুকলি কৰিছে। উল্লেখ্য় যে নীৰজে এটা নিৰ্দিষ্ট ধৰ্মৰ ওপৰত খং কৰিছিল আৰু ধৰ্ম বা বিশেষ আদৰ্শৰ বিষয়ে সামাজিক মাধ্যমত সক্ৰিয় মহিলাসকলক লক্ষ্য কৰি লৈছিল। এই কামৰ বাবে নীৰজৰ কোনো অনুশোচনা নাই বুলিও প্ৰকাশ কৰে।
অসমৰ যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত নীৰজ বিষ্ণইক । নীৰজ কম্পিউটাৰ বিজ্ঞানৰ এজন B.Tech দ্বিতীয় বৰ্ষৰ ছাত্ৰ। জেৰাত নীৰজে কৈছিল যে তেওঁ githubত বুলি বাই এপটো সৃষ্টি কৰিছিল। তেওঁ টুইটাৰত @bullibai_ একাউণ্টো প্ৰস্তুত কৰিছিল।