ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক ‘ৰণা মহামাৰীত আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে ৰাজগড় আৰু চান্দমাৰীক ক’ৰণাৰ হটস্পট হিচাপে চিনাক্ত কৰা হৈছে। ক’ৰণাৰ সমান্তৰাল ভাৱে অমিক্ৰণত আক্ৰান্তৰ সংখ্যাও পোহৰলৈ আহিছে। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP ।
এই নতুন SOP ত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব কাৰ্ফিউ। তদুপৰি বাণিজ্যিক প্ৰতিষ্ঠান সমূহ আৰু চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠান সমূহ নিশা ৯ বজালৈ খোলাৰ নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ উপৰি ৰেষ্টুৰেন্ট, ধাবা আদিৰ পৰা খাদ্য হোম ডেলিভাৰী কৰাৰ সময়সীমা ১০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।
ইপিনে সকলো ৰাজহুৱা অনুষ্ঠান তথা হোটেল ৰেষ্টোৰাত ৫০ শতাংশ লোকৰ উপস্থিতিৰ ব্যৱস্থাহে কৰা হৈছে।
কাইলৈৰ পৰা গুৱাহাটীত অষ্টম শ্ৰেনাীলৈ বন্ধ থাকিব বিদ্যালয় । বাকী সকলো ঠাইতে পঞ্চম শ্ৰেনীলৈ বন্ধ থাকিব বিদ্যালয় । সপ্তাহত তিনিদিনকৈ হব নৱম দশম একাদশ শ্ৰেনীৰ পাঠদান ।