ক’ৰোনাৰ গ্ৰাসত এইবাৰ অসম আৰক্ষী। অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আক্ৰান্ত হৈছে কোভিডত। শেহতীয়াকৈ এ ডি জি পি হীৰেন নাথ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে DIG সত্যৰাজ হাজৰিকা, এছ পি ৰাজেন সিং আক্ৰান্ত হৈছে কৰোনাত। আনহাতে শদিয়াৰ এছ পি মোহনলাল মিনা, শোণিতপুৰৰ এছ পি ধনঞ্জয় পৰশুৰাম ঘানাৱট, গোৱালপাৰাৰ এছ পি ভি ভি ৰাকেশ ৰেড্ডীও আক্ৰান্ত হৈছে ক’ৰোনাত। ইয়াৰ লগতে কেইবাগৰাকীও অতিৰিক্ত আৰক্ষী অধীক্ষক আক্ৰান্ত হৈছে ক’ৰোনাত। উল্লেখ্য যে, দুলীয়াজানৰ SP সন্মিলনত অংশ লৈছিল এইসকল বিষয়াই।