উৰুকাৰ দিনা নৈশ সান্ধ্য আইন নিশা ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সংকুচিত কৰাৰ আহ্বান বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীৰ। আজি এক সংবাদমেলযোগে চৰকাৰক এই আহ্বান জনালে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীয়ে। সংবাদমেলত কয় যে,”নিশা ১০ বজাৰ পূৰ্বে ভোজ-ভাত সমাপ্ত কৰা সম্ভৱ নহয়। সূৰ্য্য উদয় হোৱাৰ আগে আগে মেজি জ্বলোৱা হয়। সেয়ে পুৱা ৫ বজালৈ সান্ধ্য আইন দিলে ৰাইজৰ যথেষ্ট অসুবিধা হ’ব।”