আজিৰে পৰা ২৫ বছৰৰ আগেয়েই এগৰাকী অসমীয়া চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই কৰিছিল এটা বিশেষ আৱিস্কাৰ। সেইয়া হৈছে, মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপন। তেওঁ এই পৰীক্ষণত প্ৰায় ৯৫ শতাংশ সফলতাও লাভ কৰিছিল। এই পৰীক্ষণক লৈ সেই সময়ত ডাঃ বৰুৱাক যথেষ্ট সমালোচনা কৰা হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ আৱিষ্কাৰেই সফলতা লাভ কৰিল আমেৰিকাৰ দৰে দেশত। শেহতীয়াকৈ আমেৰিকাৰ এখন চিকিৎসালয়ৰ এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড।
আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলৰ এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা এই বাতৰি আজিৰ দিনটোত আন্তৰাষ্ট্ৰীয় স্তৰত সবাতোকৈ চৰ্চিত খবৰ। যোৱা সোমবাৰে এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসকগৰাকী আছিল চাৰ্জন বাৰ্টলী পি গ্ৰিফিথ। ডেভিদ বেনেট নামৰ ৫৭বছৰীয়া ব্যক্তিগৰাকীৰ দেহত ইতিহাসত প্ৰথমবাৰৰ বাবে সংৰোপন কৰা হৈছে গাহৰিৰ হৃদযন্ত্ৰ। উল্লেখ্য যে, এক জটিল অস্ত্ৰোপচাৰ যোগে মানৱ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰা চিকিৎসকগৰাকী কেইবাবাৰো বিফলতাৰ মুখ দেখাৰ পাছত এই সফলতা বুটলিবলৈ সক্ষম হৈছে।