দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰণাত সংক্ৰমণ। নতুন সংক্ৰমণ অ’মিক্ৰণত প্ৰতিদিনে আক্ৰান্ত হৈছে লাখ লাখ লোক ৷
উল্লেখ্য যে, সোমবাৰৰ পৰা দেশত আৰম্ভ হৈছে ক’ভিডৰ তৃতীয় পালি ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৷ বুষ্টাৰ ড’জ হিচাপে প্ৰদান কৰিবলগীয়া এই প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে ৬০ ৰ উৰ্ধৰ ব্যক্তিসকলৰ লগতে আগশাৰীৰ কৰ’ণা যোদ্ধাসকলক দিয়া হ’ব প্ৰতিষেধক ৷
ইফালে দেশৰ পাঁচখন ৰাজ্যৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড ভেকচিনৰ চাৰ্টিফিকেটৰ পৰা আঁতৰ কৰিছে প্ৰধানমন্ত্ৰী মোডীৰ ফটো ৷ উল্লেখনীয় ভাৱে,ভাৰতৰ নিৰ্বাচনী আয়োগে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা আৰু মণিপুৰকে ধৰি ৰাজ্যকেইখনত আদৰ্শ আচৰণ বিধি পালন কৰিবলৈ পূৰ্বে ঘোষণা কৰিছিল ৷