ক’ৰোনা মহামাৰীৰ বাবে আগন্তুক IPL অনুষ্ঠিত হব নে নাই তাক লৈ অনিশ্চয়তা থাকিলেও হাত সাৱটি বহি থকা নাই BCCI-এ। মঙলবাৰে IPLপৰিচালনা পৰিষদৰ বৈঠকত নিলামৰ তাৰিখ নিৰ্ধাৰণ কৰে BCCI-এ। দুটা নতুন ফ্ৰেঞ্চাইজীৰ আত্মপ্ৰকাশকলৈয়ো কোনো ধৰণৰ জটিলতাৰ সৃষ্টি হোৱা দেখা নগ’ল বৈঠকত। আইপিএলৰ নিলাম ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুত অনুষ্ঠিত হ’ব বুলি ব’ৰ্ডে সদৰী কৰিছে। মেগা নিলামৰ মাজতে লক্ষ্ণৌ আৰু আহমেদাবাদ নামৰ দুটা নতুন ফ্ৰেঞ্চাইজীৰ মুখ দেখিবলৈ পাব ক্ৰীড়ানুৰাগীয়ে। দুসপ্তাহৰ ভিতৰত নিলামৰ পূৰ্বে কোন কোন ক্ৰিকেটাৰক দলটোত অন্তৰ্ভুক্ত কৰিব জনাব লাগিব কৰ্তৃপক্ষই।
IPLৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে কয়, ‘দুয়োটা নতুন দলক আনুষ্ঠানিকভাৱে IPLত প্ৰতিনিধিত্ব কৰাৰ অনুমতি দিয়া হৈছে। যিহেতু তেওঁলোকে এইবাৰ প্ৰথমবাৰৰ বাবে IPLখেলিব গতিকে, তেওঁলোকক নিলামৰ পূৰ্বে ক্ৰিকেটাৰ বাছনি কৰাৰ সুযোগ দিয়া হৈছে। তেওঁলোকে পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত সেই তালিকাখন প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিব লাগিব’।