চৰ্চাত আলিয়া ভাট। এইবাৰ কিন্তু ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ প্ৰসংগ নহয়। আন এক সুকীয়া বিষয়েহে জোকাৰি গৈছে বলীউড। আলিয়াৰ সমান্তৰালকৈ প্ৰযোজক এছএছ ৰাজমৌলীৰ ‘আৰআৰআৰ’ চলচ্চিত্ৰখন বলীউডত বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৃহত্ বাজেটৰ ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত নিৰ্মাণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ৭ জানুৱাৰীত ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু সমগ্ৰ ভাৰতত কৰ’নাভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব দাক্ষিণাত্যৰ তাৰকা ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰকে। বলীউড তাৰকা অজয় দেৱগন আৰু আলিয়া ভাটকো দুটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।
জানিবলৈ পোৱা মতে, ছবিখনত ২০ মিনিটৰ বাবেহে আলিয়াক দেখিবলৈ পাব দৰ্শকে। উল্লেখ্য যে, মাত্ৰ ২০মিনিটৰ উপস্থিতিৰ বাবে আলিয়াক বৃহৎ মাচুল পৰিশোধ কৰিবলগীয়া হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ‘আৰআৰআৰ’ৰ বাবে আলিয়াৰ পাৰিশ্ৰমিক ৯কোটি। আনহাতে, এই ছবিখনৰ বাবে অজয়ে দেৱগণে পাৰিশ্ৰমিক লৈছে ৩৫ কোটি। এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ ৰাজামৌলীৰ ছবিখনৰ ওপৰত। বলীউড বক্স অফিছত ৰাজামৌলীৰ ছবিখনে দৰ্শকৰ মাজত কেনেধৰণে প্ৰভাৱ পেলায় সেয়াহে হ’ব লক্ষ্যণীয়!