১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ দ্বিতীয় পালি ভেকচিন প্ৰদান কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে। যিসকল কিশোৰ-কিশোৰীয়ে ৩ জানুৱাৰীৰ পৰা ক’ভিড ভেকচিন গ্ৰহণ কৰিছিল সেইসকলৰ ২৮ দিন সম্পূৰ্ণ হোৱাৰ লগে লগে সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে দ্বিতীয়পালি গ্ৰহণ কৰিব পাৰিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে,কেৱল কভাক্সিনহে কিশোৰ-কিশোৰীসকলক প্ৰদানৰ বাবে অনুমতি দিয়া হৈছে। শনিবাৰলৈকে দেশত প্ৰায় ৮ লাখ, ৪ হাজাৰ ৬৯০গৰাকী কিশোৰ-কিশোৰীয়ে ক’ভিডৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে।