কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিষয়ে উত্তৰাখণ্ডত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰাই। মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰি ভূপেন বৰাই ‘গাখীৰত তিয়াই থ’লেই কয়লা কেতিয়াও সোণ নহয়’ বুলি তীৰ্যক মন্তব্য কৰিছে।
উল্লেখ্য যে, শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় কি বুলি প্ৰশ্ন তুলিছিল। লগতে তাৰ প্ৰমাণ আছে নেকি বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বৰ্তমান দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইয়াৰ প্ৰত্যুত্তৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে, মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ ৰুচিবোধ সলনি নহল। গাখীৰত তিয়াই থ’লেই কয়লা কেতিয়াও সোণ নহয়। মুখ্যমন্ত্ৰীক আনকি ক্ষমতাত মূৰত ধৰা বুলিও মন্তব্য কৰে।