মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে, কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত কৰা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ভূপেন বৰাই। উল্লেখ্য যে, পীযুষ হাজৰিকাই কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ পত্নীয়ে নিজকে নিবনুৱা বুলি পৰিচয় দি হাউচিঙৰ ফ্লেট লোৱাৰ অভিযোগ উত্থাপন কৰিছিল।
এই অভিযোগৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয় যে, হাউচিঙৰ ফ্লেটতো মোৰ নামত নাই, পত্নীৰ নামত হে আছে। তেওঁক শাস্তি দিলে দিব পাৰে। পত্নীয়ে নিবনুৱা হিচাপে পৰিচয় দি হাউচিঙৰ ফ্লেট লোৱা বিষয়টোত নিজৰ ভুল স্বীকাৰ কৰি ভূপেন বৰাই কয়, ভুল হৈছে স্বীকাৰ কৰিছো। এই ভুলৰ বাবে শাস্তি দিলে পত্নীক শাস্তি দিব পাৰে।
তদুপৰি ভূপেন বৰাই কয়, যদি এই ভুলৰ বাবে জৰিমনা ভৰিব লাগে তেন্তে সেয়া ভৰিবলৈও সাজু আছো। ভুল স্বীকাৰ কৰি দৃষ্টান্ত দেখুৱাইছো বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে,”ভয় খাই মই পিছ হুহুকি নাহো, কাৰণ মুখ্যমন্ত্ৰীয় মোক ভয় খুৱাব বিচাৰিছে, কিন্তু মোক এনকাউণ্টাৰ কৰাৰ বাহিৰে প্ৰলোভনেৰে মৌন কৰি ৰাখিব নোৱাৰে”।
উল্লেখ্য যে, সংবাদমেলত পীযুষ হাজৰিকাই অভিযোগ কৰিছিল যে, ২০০৬ চনত নিজকে নিবনুৱা, বিবাহিতা আৰু মাহিলী আয় ৬৮৪০ টকা বুলি কৈ হাউচিঙৰ ফ্লেট লৈছিল ভূপেন বৰাৰ পত্নী মৌচুমী বৰগোঁহাইয়ে। এই ফ্লেট ৭ মাৰ্চত আৱন্টন হৈছিল।