পৌৰ নিৰ্বাচনৰ পাছতে ৰাইজক বৰ্ধিত বিদ্যুৎ মাচুলৰ বোজা দিবলৈ সাজু হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL৷ বিদ্যুৎ মাচুলৰ নিৰিখ প্ৰতি ইউনিটত দুটকা অৰ্থাৎ ২৬.৪৯ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ সম্পৰ্কত বুধবাৰে অসম বিদ্যুৎ নিয়ামক আয়োগে শুনানি অনুষ্ঠিত কৰে৷ ছয়মাইলত থকা কাৰ্যালয়ত অনুষ্ঠিত এই শুনানিত আঠটাকৈ সংগঠনে অংশ লয় ৷
ফাইনাৰ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সংস্থা আদিকে ধৰি কেইবাটাও সংগঠনৰ লগতে একাংশ সাধাৰণ ৰাইজেও ইয়াত অংশ লয়। শুনানিৰ পাছতে নিয়ামক আয়োগে নতুন নিৰিখ প্ৰযোজ্য কৰিবলৈ এপিডিচিএলক অনুমোদন জনাব বুলি জানিব পৰা গৈছে আৰু পৌৰ নিৰ্বাচনৰ পাছতে এই নিৰিখ কাৰ্যকৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
সম্প্ৰতি এপিডিচিএলে প্ৰতি ইউনিটত গড়ে ৭.৫৫ টকাকৈ মাচুল আদায় কৰি আহিছে৷ বিগত ডিচেম্বৰত এই মাচুল ৯.৫৫ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰা হয়। দৰিদ্ৰ লোকৰ বাবে থকা জীৱনধাৰা আঁচনিৰ অধীনত প্ৰতি মাহে ৩০ কিলোৱাট ব্যৱহাৰ কৰি থকা লোকে এতিয়া আদায় দিয়ে ৪.২৫ টকাকৈ ৷ এতিয়া এই মূল্য ছটকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া লগতে ফিক্সড চাৰ্জো ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব বিচৰা হৈছে ৷
ক’ভিডৰ সময়ত ব্যাপক লোকচানৰ সন্মুখীন হোৱা বুলি এপিডিচিএলে জনাইছে। ব’হাগ বিহুৰ আগে আগেই অসমৰ ৰাইজে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু বিদ্যুতৰ মূল্যবৃদ্ধিৰ বিহু চাবলৈ যে পাব সেয়া নিশ্চিত।