বুধবাৰে পুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে ৰাজধানী দিল্লীলৈ । উল্লেখ্য যে, তেওঁৰ এই আকস্মিক দিল্লী যাত্ৰা সম্পূৰ্ণ ৰাজনৈতিক বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সুত্ৰই প্ৰকাশ কৰা মতে,কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী লৈ বুধবাৰে দিল্লীলৈ ৰাওনা হোৱা নাই মুখ্যমন্ত্ৰীগৰাকী । এদিনীয়া ভ্ৰমণসূচী লৈ বুধবাৰে পুৱাই চাৰ্টাৰ্ড বিমানেৰে দিল্লীলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে পুনৰ উভতি অহাৰ কথা । উল্লেখ্য যে,ইতিমধ্যে মণিপুৰৰ বিধানসভা নিৰ্বাচন,মাজুলীৰ উপ-নিৰ্বাচন, ৰাজ্যৰ পৌৰ নিৰ্বাচন সকলোখিনি সুকলমে শেষ হৈছে ।
এতিয়া সন্মূখত ৰাজ্যসভা নিৰ্বাচন । ৰাজ্যসভাত খালী হ’বলগীয়া অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন । যদিওবা সংখ্যাৰ ফালৰ পৰা বিজেপিয়ে ইয়াৰে এখন আসন লাভ কৰাটো নিশ্চিত কিন্তু মুখ্যমন্ত্ৰী সহিতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই দাবী কৰি আহিছে যে, দুয়োখন আসনেই শাসক পক্ষৰ হাতত থাকিব ।মন কৰিবলগীয়া যে,বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মণিপুৰৰ নিৰ্বাচন আৰু মাজুলীৰ উপ নিৰ্বাচনৰ বাবে ড৹ শৰ্মাক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছিল ৷ ঠিক একেদৰে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবেও প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত তেওঁক বিশেষ দায়িত্ব ন্যস্ত কৰা হৈছে ।
এই এদিনীয়া ভ্ৰমণসূচীত মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি মণিপুৰ আৰু মাজুলীৰ নিৰ্বাচনৰ বিষয়ে অৱগত কৰাৰ লগতে ৰাজ্যসভাৰ প্ৰাৰ্থী সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে । উল্লেখযোগ্য যে,খালী হ’বলগীয়া এই দুখন আসনৰ ভিতৰত এখন বিজেপিয়ে নিজে ৰাখি আনখন মিত্ৰদল ইউপিপিএলক এৰি দিয়াৰ সম্ভাৱনা আছে ।