১৯৮৬ৰ জম্মু কাশ্মীৰৰ তদানীন্তন মুখ্যমন্ত্ৰী গোলাম মহম্মদ শ্বাহে ‘ইছলাম খতৰে ম্যে হে’ বুলি এটা শ্লʼগান উলিয়াইছিল। ঠিক আজি এচামে চলোৱা হিন্দু খতৰে ম্যে হে শ্ল’গানৰ দৰে৷ আৰু সেই শ্ল’গানেই কাশ্মীৰৰ সংখ্যাগৰিষ্ঠ মুছলমানসকলক প্ৰৰোচিত কৰিছিল, ফলত লক্ষাধিক কাশ্মীৰী পণ্ডিত এই প্ৰৰোচনাৰ বলি হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছিল সহস্ৰজনে। আপোন ঘৰ এৰি নিজ দেশতে শৰণাৰ্থী হৈছিল কাশ্মীৰি পণ্ডিতসকল।
বিবেক অগ্নিহোট্ৰীৰ বহুচৰ্চিত আৰু বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইল্ছে কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত চলা অত্যাচাৰ জীৱন্ত কৰি তুলিলে। দশকৰ পাছত দশক অন্যায়ৰ বলি হৈ অহা এই লোকসকল প্ৰতিখন চৰকাৰৰ পৰা কেৱল অৱজ্ঞা পাই আহিছে। কংগ্ৰেছ বা নেচনেল কনফাৰেন্সৰ দৰে ৰাজনৈতিক দলসমূহে পণ্ডিতসকলক কৰা অন্যায় যিদৰে গৰ্হিত একেদৰে সমালোচিত বাৰে বাৰে এই লোকসকলক ঢাল কৰি ভোটৰ অংক কৰা বিজেপিও৷ বিজেপি বা কংগ্ৰেছ কোনো দলেই এই পণ্ডিতসকলক ন্যায় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই।
১৯৭৫ৰ ইন্দিৰা-শ্বেইখ চুক্তি মতে জম্মু কাশ্মীৰক ভাৰতত অন্তৰ্ভুক্ত কৰাৰ বাবে পূৰ্বৰ চৰকাৰে লোৱা ব্যৱস্থাত সেই সময়ৰ মুখ্যমন্ত্ৰী শ্বেখ আব্দুল্লাই সন্মতি জনাইছিল। ইয়াক লৈ কাশ্মীৰী লোকসকল ক্ষুব্ধ হৈছিল আৰু তেতিয়াই সন্ত্ৰাসবাদৰ ভেটি সৃষ্টি হৈছিল৷ যাৰ বলি হৈছিল পণ্ডিতসকল। ইয়াৰ সুযোগ লৈ পাকিস্তানী চোৰাংচোৱা সন্থা আইএছআয়ে ৰাজ্যখনত বিচ্ছিন্নতাবাদ গঢ় দিবলৈ চেষ্টা চলাইছিল যদিও ৮০ৰ দশকৰ শেহভাগ পৰ্যন্ত সফল হোৱা নাছিল৷
উল্লেখ্য যে, ১৯৪৭ৰ পূৰ্বে কাশ্মীৰ উপত্যকাত পণ্ডিতৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ৷ কিন্তু ১৯৫০ৰ আগে আগে এই সংখ্যা হ্ৰাস পায় ৫ শতাংশলৈ৷ ইয়াৰ কাৰণ আছিল উগ্ৰ ভূমি পুনৰবিতৰণ নীতি, ভাৰতত চামিলক লৈ অস্থিৰ পৰিস্থিতি আৰু আৰ্থসামাজিক অৱনমনৰ শংকা৷
১৯৮৬ পৰ্যন্ত বিচ্ছিন্নতাবাদী আন্দোলন মূলতঃ ৰাজনৈতিক হৈ আছিল যদিও ১৯৮৬ত বিভিন্ন ৰাজনৈতিক দল, বিশেষকৈ মুখ্যমন্ত্ৰী গোলাম মহম্মদ শ্বাহৰ প্ৰৰোচনাত কাশ্মীৰী হিন্দুসকল হিংসাৰ গৰাহত পৰিবলৈ আৰম্ভ কৰে৷ দক্ষিণ কাশ্মীৰ আৰু ছ’প’ৰেত মূলতঃ ব্যাপক হিংসাত্মক ঘটনা আৰম্ভ হয়৷ দুৰ্বৃত্তৰ দলে হিন্দুৰ সম্পত্তি আৰু মন্দিৰ আদি ধ্বংস কৰে৷ এই সাম্প্ৰদায়িক হিংসাত কোনো লোকৰ মৃত্যু নহ’লেও পৰৱৰ্তী হিংসাৰ বীজ ই ৰোপন কৰি যায় ৷
১৯৮৯ৰ পৰা কাশ্মীৰত দীৰ্ঘদিনীয়া সন্ত্ৰাসবাদ আৰম্ভ হ’বলৈ ধৰে। ১৯৮৭ৰ বিধানসভা নিৰ্বাচনত উঠা ৰিগিঙৰ অভিযোগে ভাৰত চৰকাৰৰ প্ৰতি কাশ্মীৰী মুছলমানসকলৰ ক্ষোভ বৃদ্ধি কৰে। পৰিস্থিতি ক্ৰমে জটিল হৈ অহাত ৯০ৰ দশকৰ আৰম্ভণিৰ পৰা পণ্ডিতসকলে পলাবলৈ আৰম্ভ কৰে৷ ১৯৯০চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত লক্ষাধিক পণ্ডিতে কাশ্মীৰ ত্যাগ কৰে আৰু ২০১১লৈ তাত ৰৈ যায় মাত্ৰ ৩০০০ পৰিয়াল৷
অৱশ্যে কাশ্মীৰী পণ্ডিত আৰু কাশ্মীৰী মুছলমান দুয়োপক্ষই এই পলায়নৰ পৃথক ব্যাখ্যা আগবঢ়ায়৷ একাংশ পণ্ডিতে চৰকাৰৰ চোৰাংচোৱাৰ ভূমিকা লোৱা বুলি উঠা অভিযোগে উপত্যকাখনত সমগ্ৰ সম্প্ৰদায়টোলৈ সন্দেহৰ আঙুলি টোৱাঁয়৷ তাৰ লগত পাকিস্তানৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা ৰাজনৈতিক হত্যা আৰু মছজিদৰপৰা লাউড্স্পীকাৰত কাশ্মীৰ ত্যাগৰ বাবে দিয়া নিয়মীয়া ভাবুকিয়েও এই গণ পলায়নত সাৰপানী যোগায় বুলি পণ্ডিতসকলে অভিযোগ কৰি আহিছে৷ আনহাতে মুছলমানসকলে কয় যে তেওঁলোকক নিৰ্যাতনৰ বলি কৰাত যাতে সহজ হয় তাৰ বাবেহে তদানীন্তন ৰাজ্যপাল জগমোহনে পণ্ডিতসকলক পলায়নৰ বাবে উৎসাহ যোগাইছিল।
১৯৮৬ৰ হিংসাৰ পাছত ৰাজ্যপাল জগমোহনে শ্বাহৰ চৰকাৰ বৰ্খাস্ত কৰে আৰু নিজে শাসনভাৰ লয়। ইয়াৰ পাছতে জম্মু কাশ্মীৰ লিবাৰেচন ফ্ৰন্ট চমুকৈ জেকেএলএফৰ নেতৃত্বত আৰম্ভ হয় হিংসা। ১৯৮৭ৰ নিৰ্বাচনৰ পাছতে ভাৰতৰ পক্ষত থকা লোকসকলক মুকলিকৈ হত্যা কৰিবলৈ আৰম্ভ কৰা হয়৷ হিন্দু ধৰ্মাৱলম্বী হোৱা বাবে ভাৰতৰ প্ৰতিনিধি বুলি পণ্ডিতসকল মূলতঃ এই হিংসাৰ বলি হয়৷
১৯৮৯ত প্ৰথমবাৰলৈ জেকেএলএফে কাশ্মীৰী হিন্দুক লক্ষ্য কৰি লয়৷ ১৪ ছেপ্টেম্বৰত অধিবক্তা তথা বিজেপি নেতা টিকা লাল টাপলুক ৰাজহুৱা স্থানত হত্যা কৰা হয়৷ বিচ্ছিন্নতাবাদী নেতা মকবুল ভাটক মৃত্যুদণ্ড বিহা শ্ৰীনগৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নীলকান্ত গাঞ্জুক ১৯৮৯ৰ ৪ নৱেম্বৰত হত্যা কৰা হয়। ১৯৯০ৰ আৰম্ভণিৰ পৰা বিভিন্ন বাতৰি কাকতত কাশ্মীৰী হিন্দুক কাশ্মীৰ ত্যাগৰ ভাবুকি দিয়া বিজ্ঞাপন প্ৰকাশ পাবলৈ ধৰে, পণ্ডিতসকলৰ সম্পত্তি আৰু উপাসনাস্থলীত আক্ৰমণ চলে৷ ২১ জানুৱাৰীত সেনাৰ গুলীত শ্ৰীনগৰৰ গকাডলত অৰ্ধশতাধিক লোক নিহত হোৱাৰ পাছতে আৰম্ভ হয় তীব্ৰ প্ৰতিহিংসা। মুকলিকৈ বন্দুক লৈ সন্ত্ৰাসবাদীয়ে ৰাজপথত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ আৰম্ভ কৰে।
তাৰ পাছৰ সময়ছোৱাত কেইবাটাও নৃশংস হত্যাৰ ঘটনা সংঘটিত হয়৷ তাৰ ভিতৰত অন্যতম আছিল ৪জুনত সংঘটিত কাশ্মীৰী হিন্দু শিক্ষয়িত্ৰী গিৰিজা টিক্কুৰ নৃশংস ধৰ্ষণ আৰু হত্যা৷ এনে বহু কাশ্মীৰী হিন্দু মহিলা ধৰ্ষণ হত্যাৰ বলি হৈছিল।
বিভিন্ন সংস্থাৰ মাজত এই হিংসাত নিহত কাশ্মীৰী পণ্ডিতৰ সংখ্যাক লৈ মতবিভাজন আছে৷ একাংশৰ মতে ১৯৯০ৰ পৰা ২০১১ৰ ভিতৰত ৬৫০ গৰাকী কাশ্মীৰী হিন্দু হত্যাৰ বলি হৈছিল আৰু তাৰ ৭৫ শতাংশই ১৯৯০ত নিহত হৈছিল৷ আন একাংশৰ মতে ১৯৯০ৰ পৰা এতিয়ালৈ এহাজাৰৰো অধিক কাশ্মীৰী পণ্ডিত নিহত হৈছে৷ পৰিসংখ্যা যিয়েই নহওঁক এই লোকসকল যে এক নৃশংস প্ৰণালীবদ্ধ আক্ৰমণৰ বলি হৈছিল সেয়া এক জীৱন্ত সত্য৷ নিজৰ দেশতে শৰণাৰ্থী হ’ব লগা হোৱা এই সম্প্ৰদায়টোৱে ন্যায় লাভ কৰক সেয়া সকলোৱে কামনা কৰে। চৰকাৰে কাশ্মীৰ ফাইল্ছৰ গইনাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰাৰ সলনি তেওঁলোকক ন্যায় আৰু পুনৰ সংস্থাপন দিয়াতহে মনোযোগ দিয়া উচিত৷