অন্ধ্ৰপ্ৰদেশত নতুনকৈ গঠন কৰা হ’ল ১৩ খন জিলা। জগন মোহন ৰেড্ডী চৰকাৰে ১৩ খন নতুন জিলা গঠন কৰাৰ লগে লগে ৰাজ্যখনত মুঠ জিলাৰ সংখ্যা ২৬ খনলৈ বৃদ্ধি পাইছে। পূৰ্বে জিলাখনত আছিল ১৩ খন জিলা। উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে সোমবাৰে গুন্টুৰ জিলাৰ তাদেপল্লীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যখনৰ ১৩ খন নতুন জিলা মুকলি কৰে। নতুন জিলা গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু শনিবাৰে নিশা জাৰি কৰা এখন গেজেট অধিসূচনাত কোৱা হৈছে যে ৪ এপ্ৰিলৰ পৰা সকলো নতুন জিলা কাৰ্যকৰী হ’ব।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে বিষয়াসকলক নতুন জিলাৰ কাৰ্যালয় আৱণ্টন প্ৰক্ৰিয়াক সুশৃংখল কৰিবলৈ নিৰ্দেশ দিছে। বিষয়াসকলক ৪ এপ্ৰিলত নতুনকৈ গঠন কৰা ১৩ খন জিলা কাৰ্যালয়ত তেওঁলোকৰ উপস্থিতি পঞ্জীয়ন কৰিবলৈ আৰু তেওঁলোকক কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে। আনহাতে ৬ এপ্ৰিলত মুখ্যমন্ত্ৰীয়ে সকলো গাওঁ আৰু ৱাৰ্ড সচিবালয়ত ১৩ খন নতুন জিলা গঠনৰ ক্ষেত্ৰত পৰিশ্ৰম কৰা সকলো স্বেচ্ছাসেৱকক সম্বৰ্ধনা জনাব। এক অধিসূচনাৰ পিছত, ৱাই এছ জগন মোহন ৰেড্ডীৰ নেতৃত্বত ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰে আই এ এছ আৰু আইপিএছ বিষয়াসকলক সলনি কৰে আৰু নতুন জিলাত ডিএম আৰু এছপি নিযুক্ত কৰে।