সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধি হবলৈ গৈ আছে ফেৰীৰ টিকটৰ মূল্য। আভ্যন্তৰীণ জল পৰিবহন বিভাগে শেহতীয়াকৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে যে, বৰ্তমানৰ টিকটৰ দাম আগতকৈও প্ৰায় ৪ গুণ বৃদ্ধি কৰা হ’ব।
এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে বৰ্তমান ২.৫০ টকাৰ টিকটৰ দাম হ’ব দিনৰ ভাগত ৫ টকা আৰু নিশা ৮ বজাৰ পিছত ৪ গুণ বৃদ্ধিৰে হ’ব ১০ টকা৷ ঠিক তেনেদৰে আন আন টিকটৰো দাম ২ আৰু ৪ গুণকৈ বৃদ্ধি পাব৷ ৰোপেক্সৰ ক্ষেত্ৰতো ৮ টকাৰ পৰিৱৰ্তে দুগুণ বৃদ্ধি হৈ ১৬ টকা আৰু ৰাতি ৮ বজাৰ পিছত ৪ গুণ বৃদ্ধি হৈ হ’ব ৩২ টকা৷
উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটী মণ্ডলৰ লগতে ডিব্ৰুগড় আৰু শিলচৰ মণ্ডলৰো টিকটৰ নিৰিখ একে হাৰতে বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে৷ AIWTRAৰ এই প্ৰস্তাৱত কাৰোবাৰ আপত্তি থাকিলে অহা ১৫ দিনৰ ভিতৰত [email protected]ত জনাব পাৰিব৷